কোকৰাঝাৰৰ পকচ’ বিশেষ আদালতে প্ৰদান কৰিছে এক গুৰুত্বপূর্ণ ৰায় ৷ এটি ৫ বছৰীয়া শিশুক ধর্ষণ কৰি নৃশংসভাৱে হত্যা কৰা মার্কজ কুজুৰক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে আদালতে ৷ লগতে কুজুৰক ৫০ হেজাৰ টকাৰ জৰিমনা বিহা হৈছে ৷ পকচ’ আৰু ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত দোষী সাৱ্যস্ত কৰি কুজুৰক এই শাস্তি প্ৰদান কৰা হয় ৷
উল্লেখ্য যে ২০২১ চনৰ ১৬ মার্চত কুজুৰে নিজৰ ভতিজীক ফুচুলাই লৈ গৈ ধর্ষণ কৰি হত্যা কৰিছিল ৷ পৰৱর্তী সময়ত পৰিয়ালৰ অভিযোগৰ ভিত্তিত গোসাইগাঁও আৰক্ষী থানাত ১২১/২১ নম্বৰৰ এটি গোচৰ ৰুজু হয় ৷ এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি কুজুৰৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰে ৷