শোণিতপুৰত এগৰাকী মহিলাক ডাইনীৰ সন্দেহত প্ৰহাৰ কৰি জীৱিত অৱস্থাত জ্বলাই দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনাত এতিয়ালৈকে আৰক্ষীয়ে ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
শোণিতপুৰৰ বাহবাৰী গাঁৱত দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা। মৃত মহিলাগৰাকীৰ নাম সংগীতা কাটি । প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে, দেওবাৰে নিশা সংগীতাক ঘৰৰ পৰা উলিয়াই আনি প্ৰহাৰ কৰা হৈছিল। স্বামী ৰামক গছত বান্ধি থৈছিল উন্মত্ত একাংস লোকে ৷ ইয়াৰ পিছত সংগীতাৰ দেহত জুই লগাই দিয়া হয়।
আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে, স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। তথ্য লাভ কৰি আৰক্ষীৰ এটা দলে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি মহিলাগৰাকীৰ গাঁৱৰ ছয়জন লোক এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে আৰক্ষীয়ে ঘটনাৰ নিশা উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু তেওঁৰ শৰীৰৰ বেছি অংশ জ্বলি গৈছিল। চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।
আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত কেইজন হৈছে অজয় সংঘৰ, ধীৰাজ ভাগুয়াৰ, সুৰজ ভাগুয়াৰ, পিংকু মালহাৰ, বাইলা সংঘ আৰু বাবুল নাগধৰ। ঘটনাৰ দিনটোত আটাইকেইজন আক্ৰমণকাৰীয়ে মদ্যপান কৰি আছিল বুলি অভিযোগ উঠিছে। প্ৰাথমিক তদন্তত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি দীৰ্ঘদিন ধৰি কাটিৰ পৰিয়ালৰ সৈতে ধীৰাজ ভাগুয়াৰৰ সংঘাত চলি আহিছিল ৷ ভাগুয়াৰ পৰিয়ালে সংগীতাক ডাইনী বুলি সন্দেহ কৰি আহিছিল ৷