যোৰহাটৰ তিতাবৰত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷ আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি এজন যুৱকে আত্মহত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷ মৃত যুৱকজন বিৰিণাশায়েক অঞ্চলৰ দীপাংকৰ গগৈ বুলি জানিব পৰা গৈছে ৷
আলফাৰ লিংকমেনৰ সন্দেহত আৰক্ষীয়ে যুৱকজনক শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে ৷ যোৱা ৪ দিন ধৰি আৰক্ষীয়ে জেৰাৰ নামত যুৱকজনক হাৰাশাস্তি চলাই অহাৰ অভিযোগ কৰিছে পৰিয়ালে ৷
যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত আটক কৰিছিল দীপাংকৰক। অৱশ্যে দীপাংকৰৰ সৈতে আলফাৰ কোনো সম্পর্ক নাই বুলি পৰিয়ালৰ লোকসকলে প্ৰকাশ কৰিছে ৷