আকস্মিকভাৱে ভাৰতীয় আৰক্ষী সেৱা চমুকৈ আইপিএছৰ পৰা পদত্যাগ কৰিছে লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। অৱসৰ বিচাৰি আৰক্ষী সঞ্চালকপ্ৰধানৰ জৰিয়তে মুখ্য সচিবলৈ যোৱা ১৮ ডিচেম্বৰত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আনন্দ মিশ্ৰই। সমাজসেৱাৰ জৰিয়তে এক মুক্ত আৰু স্বতন্ত্ৰ জীৱন কটোৱাৰ বাবে পদত্যাগ কৰা বুলি পত্ৰখনত উল্লেখ কৰিছে বিষয়াগৰাকীয়ে। বৰ্তমান লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ আছে আনন্দ মিশ্ৰ। ২০২৪ চনৰ ১৬ জানুৱাৰীৰ পৰা কার্যকৰী হোৱাকৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আনন্দ মিশ্ৰই।
২০১১ বেটছৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়াগৰাকীক শেহতীয়াকৈ মণিপুৰৰ গোষ্ঠী সংঘর্ষৰ ঘটনাৰ তদন্তৰ দায়িত্বও লাভ কৰিছিল ৷ মণিপুৰৰ ঘটনাৰ তদন্তৰ বাবে গঠিত এছআইটিত তেওঁৰ নাম অন্তভুর্ক্ত কৰা হৈছিল ৷
অৱশ্যে চাকৰিৰ পৰা পদত্যাগ কৰি ৰাজনীতিৰ জগতত আনন্দ মিশ্ৰই প্ৰৱেশ কৰিব বুলি চর্চা আৰম্ভ হৈছে ! কিয়নো শেহতীয়াকৈ বিষয়াগৰাকীয়ে বিহাৰৰ পৰা ৰাজনীতিত নামিব বুলি বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে ৷ চর্চা অনুসৰি বিহাৰৰ বক্সাৰ সংসদীয় সমষ্টিৰ পৰা নির্বাচনত অৱতীর্ণ হ’ব আনন্দ মিশ্ৰ ৷ইতিমধ্যে অঞ্চলটোত অনুষ্ঠিত অনুষ্ঠানতে অংশগ্ৰহণ বৃদ্ধি কৰাৰ লগতে স্থানীয় পৰ্যায়ৰ সকলো প্ৰভাৱশালী শ্ৰেণীৰ লোকক লগ কৰিবলৈ আৰম্ভ কৰিছে মিশ্ৰই । ইফালে আদালতৰ নিৰ্দেশমৰ্মে চৰকাৰে তেওঁক মণিপুৰ হিংসাৰ গোচৰৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দলৰ মুৰব্বী কৰি দিয়ে। এই নতুন দায়িত্ব লোৱাৰ পাছত বাক্সাৰ সংসদীয় সমষ্টিত পূৰ্বৰ দৰে কাৰ্যকলাপ অব্যাহত ৰখাটো তেওঁৰ বাবে কঠিন হ’লহেঁতেন বুলি ধাৰণা কৰা হৈছে।যাৰ বাবে তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷
বক্সাৰ লোকসভাৰ আসনখন ব্ৰাহ্মণ প্ৰধান বুলি গণ্য কৰা হয়। বিগত ৬টা নিৰ্বাচনৰ ভিতৰত এই আসনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ব্ৰাহ্মণ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। বৰ্তমান বিজেপিৰ অশ্বিনী চৌবে ইয়াৰ পৰা সাংসদ।