আজি গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যু তিথি ৷ এই উপলক্ষে বিশিষ্ট লোকশিল্পী গৰাকীলৈ শ্ৰদ্ধা জনায় আয়োজন কৰা হৈছে অনুষ্ঠান ৷গোৱালপৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু তিথি উপলক্ষে আজি সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে প্ৰদান কৰে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ৷ বিশিষ্ট লোকশিল্পী দোতমা নিবাসী ৰহেন্দ্ৰ নাথ ব্ৰহ্মক চলিত বর্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰা হয় ৷
চান্দমাৰীত থকা গোৱালপৰীয়া লোকসংগীতৰ সাম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূর্ত্তিস্থলীত আয়োজন কৰা এক অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হয় ৷ আছুৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উত্তৰ পূব ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচার্যই ব্ৰহ্মক এই বঁটা প্ৰদান কৰে ৷ এই বঁটাত আছে চেলেংচাদৰ,গামোচা, মানপত্ৰ, শৰাই আৰু নগদ ধন ৷
বঁটা গ্ৰহণ কৰি দিয়া ভাষণত ব্ৰহ্মই কয় যে প্ৰতিমা বৰুৱা পাণ্ডেৰ নামত প্ৰৱর্তন কৰা বঁটা লাভ কৰি তেওঁ অত্যন্ত আপ্লুত ৷ এই স্বীকৃতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ তেওঁ ভাষাহীন বুলিও ব্ৰহ্মই প্ৰকাশ কৰে ৷