ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক পর্যায়ৰ বিদ্যালয়সমূহত বৃহৎসংখ্যক শিক্ষকৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ৷ দুয়োটা পর্যায়ত মুঠ ১৪,২২৩ টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ৷ ইয়াৰে প্ৰাথমিক পর্যায়ৰ ৫৫৫০ টা আৰু মাধ্যমিক পর্যায়ত ৮৬৭৩ টা পদৰ বাবে বিজ্ঞান প্ৰকাশ কৰা হৈছে ৷
প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৩,৮০০ গৰাকী সহকাৰী শিক্ষক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ১,৭৫০ গৰাকী সহকাৰী শিক্ষক, বিজ্ঞান শিক্ষক আৰু হিন্দী শিক্ষকৰ নিযুক্তিৰ বাবে বিজ্ঞপ্তি প্ৰকাশ কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে dee.assam.gov.in ত সবিশেষ জানিবলৈ পাব।
মাধ্যমিক শিক্ষা সঞ্চালকালয়ে বিভিন্ন প্ৰাদেশীকৃত মাধ্যমিক বিদ্যালয়ৰ ১৪২৪ গৰাকী স্নাতকোত্তৰ শিক্ষক আৰু ৭,২৪৯ গৰাকী স্নাতক শিক্ষক (কলা, বিজ্ঞান, হিন্দী আৰু সংস্কৃত)ৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। আজিৰ বাতৰি কাকতসমূহত এই বিষয়ে সবিশেষ তথ্য লাভ কৰিব।