অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে বিশেষ তদন্তকাৰী গোট চমুকৈ এছআইটিয়ে ৷ শেহতীয়াকৈ তদন্তকাৰী গোটে পুনৰ আন এজন এ পি এছ বিষয়াক জেৰাৰ বাবে তলব কৰিছে ৷ চি আই ডিৰ কাৰ্যালয়ত তেওঁক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে এপিএছ অনলজ্যোতি দাসক ৷
এইগৰাকী এ পি এছ বিষয়া অনলজ্যোতি দাসক ইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । এ পি এছ অনলজ্যোতি দাস ৫ জানুৱাৰীত চি আই ডিৰ কাৰ্যালয়ত এছ আই টিৰ সন্মুখত হাজিৰ হ’ব লাগিব। ডিমা হাছাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল অনলজ্যোতি দাস ।