নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নামত ধন দাবী কৰা দুই প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰিছে । ধৃত দুই অভিযুক্ত হৈছে তুলাৰাম শৰ্মা আৰু ৰফিকুল শ্বেখ ৷ অৰুণাচলৰ পৰা অসমলৈ কাঠ সৰবৰাহ কৰা এজন ব্যৱসায়ীৰ পৰা নগাঁও আৰক্ষী অধীক্ষকৰ নামত ৫লাখ টকা দাবী কৰিছিল দুয়োৱে ৷ আৰক্ষী অধীক্ষকৰ নামত ধন দাবী কৰা ফোন ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে নগাঁও আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰে ৷ ইয়াৰ পাছতেই তুলাৰাম আৰু ৰফিকুলক নগাঁও আৰক্ষীয়ে জখলাবন্ধাৰ গৰুবন্ধাৰ পৰা গ্ৰেপ্তাৰ কৰে।
ইতিমধ্যে দুয়ো অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(B),১৮৭ আৰু ৩৯৯ ধাৰাৰ অধীনত ১২৫০/২৩ নম্বৰৰ এটা গোচৰ ৰুজু কৰে ৷
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও মোস্তাফা কামাল ওৰফে কালিঘাট মুন্সি নামৰ এজন ৱেব প’ৰ্টেলৰ সাংবাদিকে নগাঁও আৰক্ষী অধীক্ষকৰ নামত ২ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নিৰ্দেশৰ কঁচুৱা আৰক্ষীয়ে সেই গোচৰৰো তদন্ত চলাই আছে।