যোৱা ১৪ ডিচেম্বৰত যোৰহাটৰ লিচুবাৰীৰ সেনা চাউনীত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে পুনৰ দুজন যুৱকক আটক কৰিছে ৷ ধৃত দুই যুৱক হৈছে অচ্যুত গগৈ আৰু এজনৰ নাম বিৰাজ কছাৰী।
ইয়াৰে অচ্যুত গগৈৰ ঘৰ তিতাবৰৰ ৰঙাজানৰ ২ নং মৰাণ গাঁৱত। পেছাত তেওঁ গাড়ীৰ হেণ্ডিমেন। আনহাতে বিৰাজ কছাৰীও তিতাবৰৰ এটা তেল ডিপোত শ্ৰমিকৰূপে কৰ্মৰত। আৰক্ষীয়ে বিৰাজ কছাৰীক তিতাবৰৰ পৰা আটক কৰাৰ লগতে অচ্যুত গগৈক মৰামৰ খটখটি অঞ্চলত এখন ট্ৰাকত ডিব্ৰুগড়ৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাত আটক কৰা হয় ৷ তদুপৰি জব্দ কৰা হৈছে এখন পালচাৰ বাইক। বাইকখনৰ নম্বৰ এ এছ ০৩ এ জি ৯৯৪৫।
ইপিনে আৰক্ষীৰ আতিশষ্যৰ বলি হৈ দীপাংকৰ গগৈ নামৰ যুৱকজনে আত্মহত্যা কৰা ঘটনাৰ প্ৰতিবাদ অব্যাহত আছে। স্থানীয় ৰাইজ আৰু দল, সংগঠনে অসম চৰকাৰে ঘোষণা কৰা তদন্ত প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত যোৰহাটৰ আৰক্ষী অধীক্ষক মোহনলাল মীনাক তাৎক্ষণিকভাৱে নিলম্বনৰ দাবী জনাইছে।