ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ মাজত মাত্ৰ ২৫ দিন। ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰে বৃহস্পতিবাৰে জাৰি কৰিছে নতুন নিয়ম। মন্দিৰৰ গাতে লাগি থকা এটা বিশাল এলেকাত সুৰা সেৱন কৰিব নোৱাৰিব বুলি ঘোষণা কৰা হৈছে।
অযোধ্যাৰ ৰাম মন্দিৰৰ গাতে লাগি থকা ৮৪- কোশী পৰিক্ৰমা এলেকাক সুৰা মুক্ত অঞ্চল’ হিচাপে ঘোষণা কৰা হৈছে। সেই অঞ্চলত মদ সেৱন, বিক্ৰী, কিনা বা প্ৰস্তুত কৰিব নোৱাৰিব। আনকি চৰকাৰৰ নতুন নির্দেশৰ পিছতে অঞ্চলটোত থকা বৰ্তমানৰ সুৰাৰ বিপণীসমূহ স্থানান্তৰ কৰা হ’ব ৷
২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকিব। তাৰ আগতে ব্যৱসায়ীসকলে অঞ্চলটোৰ সুৰাৰ দোকানসমূহ বন্ধ কৰিব লাগিব ৷
উত্তৰ প্ৰদেশৰ আবকাৰী মন্ত্ৰী নীতিন আগৰৱালে বৃহস্পতিবাৰে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পাট ৰায়ক সাক্ষাৎ কৰে। তেওঁলোকৰ বৈঠকৰ কিছু সময়ৰ পিছতে মন্দিৰৰ কাষৰীয়া অঞ্চলটোক ‘সুৰামুক্ত’ বুলি ঘোষণা কৰা হয়। ৰাম জন্মভূমি ট্ৰাষ্টৰ সৈতে আলোচনা কৰি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত লোৱা বুলি খোদ মন্ত্ৰীগৰাকীয়ে কয়। নিয়মাৱলী কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।