পুৰণি বছৰটোক বিদায় দি নতুন বর্ষক আদৰিবলৈ উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে ৷ সকলোৱে এসাঁজ একেলগে খোৱাৰ পৰিকল্পনা কৰিছে ৷ বহুতে আকৌ বাহিৰতে বাৰ বা ৰেস্তোৰাত এসাজ খোৱাৰ কথা মনত ভাবিছে ৷ কিন্তু মহানগৰীত নববর্ষ উদযাপনৰ পূর্বে সতর্ক হওক ৷ কিয়নো ৩১ ডিচেম্বৰৰ নিশা অভিযান চলাবলৈ সমানেই প্ৰস্তুত হৈছে মহানগৰ আৰক্ষী ৷ নৱবৰ্ষ উদযাপনক লৈ আৰক্ষীয়ে দিছে কেতবোৰ নিৰ্দেশনা।
মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই আজি এক সংবাদমেল সম্বোধন কৰি সকলোকে সজাগ হ’বলৈ আহ্বান জনাইছে।সংবাদ মেলত আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে নতুন বছৰত ফুৰ্তিৰ মাজত যাতে বিষাদ নাহে তাৰ বাবে সজাগ হ’ব লাগিব। একাদশ, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সমাগত ৷ গতিকে আনন্দ কৰোঁতে যাতে আনৰ অসুবিধা নহয় তাৰ বাবে সজাগ হওক। ৰোগীয়া লোকৰো যাতে অসুবিধা নহয় তাৰ ওপৰতো মহানগৰবাসীয়ে গুৰুত্ব আৰোপ কৰে ৷
লগতে সুৰাপান কৰা গাড়ী নচলাবলৈও সতর্ক কৰি দিলে আৰক্ষী আয়ুক্তই। কোনো লোকে যাতে আইন ভংগ নকৰে তাৰ প্ৰতিও সজাগ হ’বলৈ সকীয়াই দিলে তেওঁ। ইফালে বাৰ, ৰেস্তোঁৰাসমূহৰ ক্ষেত্ৰতো নিয়ম বান্ধি দিছে মহানগৰ আৰক্ষীয়ে ৷ নির্ধাৰিত সময়ত বন্ধ কৰিব লাগিব বাৰ-ৰেস্তোঁৰা। নহ’লে কঠোৰ আইনগত ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিয়ে দিগন্ত বৰাই।