সুদীর্ঘ ৯ বছৰৰ মূৰত হাজোত অনুষ্ঠিত হ’ব পৰম্পৰাগত বুলবুলি চৰাইৰ যুঁজ ৷ অসম চৰকাৰৰ কেবিনেট বৈঠকে অনুমতি প্ৰদান কৰাৰ পাছতে মাঘ বিহুত পৰম্পৰাগত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে ৷ বনৰ পৰা ধৰি আনি বুলবুলি চৰাইক কল-গাখীৰ খুৱাই যুঁজৰ বাবে প্ৰস্তুত কৰা হৈছে ৷
আহোম ৰজা প্ৰমত্ত সিংহৰ দিনৰ পৰা চলি অহা এই বুলবুলি চৰাইৰ যুঁজ এইবাৰো ভৰালীতোলা বনাম সোণাৰীতোলা ‘ফৈদৰ মাজত অনুষ্ঠিত হ’ব ৷
সুদীৰ্ঘ ৯ বছৰৰ পিছত এইবাৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত দেখা যাব বুল-বুলি চৰাইৰ যুঁজ। আইনী মেৰপেচৰ বাবে বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰিব পৰা নাছিল অঞ্চলবাসীয়ে ৷ শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে অনুমতি দিয়াৰ পাছতে এই আইনী মেৰপেচ আঁতৰি গৈছিল ৷ অৱশ্যে বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এছঅ’পি প্ৰকাশ কৰিছে চৰকাৰে ৷
উল্লেখ্য যে বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হোৱাৰ পাছত বনৰ পৰা ধৰি অনা চৰাইসমূহ পুনৰ এৰি দিয়া হয় ৷ পূজা অর্চনা কৰি চৰাইসমূহ বনলৈ এৰি দিয়া হয় ৷ প্ৰশিক্ষণৰ সময়তো প্ৰতিদিনে এই চৰাইসমূহক পূজা কৰা হয় বুলি জানিব পৰা গৈছে ৷