নতুন বছৰৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত মুকলি কৰিলে ২০০ খন ইলেকট্ৰিক বাছ। সেউজীয়া ৰঙৰ এই বাছসমূহ আজিৰে পৰা গুৱাহাটীৰ মুঠ ১৩ টা পথত চলাচল কৰিব। এই ইলেকট্ৰিক বাছসমূহৰ চলাচল আৰম্ভ হোৱাৰ লগে লগে পৰ্যায়ক্ৰমে ডিজেল চালিত বাছসমূহ বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব পৰিবহন বিভাগে। গুৱাহাটীৰ বায়ু প্ৰদূষণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে বৈদ্যুতিক বাহন চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইলেকট্ৰিক বাছসমূহৰ সমান্তৰালকৈ চাৰ্জিং ষ্টেচনসমূহো আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। নতুনকৈ আৰম্ভ হোৱা এই বাছসেৱা গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ বিত্তীয় সাহায্য আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত হ’ব।
এই বাছসমূহ মুকলিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,’সমগ্ৰ পৃথিৱীয়ে আজি সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটোৱেই হৈছে জলবায়ু পৰিৱৰ্তন। আমি নতুন বছৰৰ প্ৰথম দিনটোত আৰম্ভ কৰা এই ব্যৱস্থাই স্বচ্ছ, সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ প্ৰতি অসম চৰকাৰ যি দায়বদ্ধতা তাকেই প্ৰমাণ কৰিছে’।
আজি মুকলি কৰা ২০০ খন ইলেকট্ৰিক বাছৰ ১০০ খন হাই ৰেঞ্জৰ আৰু ১০০ ল’ ৰেঞ্জৰ ৷ পৌৰ নিগম এলেকাৰ উপৰিও চন্দ্ৰপুৰ, ধাৰাপুৰ, মিৰ্জা, এইমছ গুৱাহাটী, শুৱালকুছি, বাইহাটা আৰু জাগীৰোডক এই বাছ সেৱাৰ ব্যৱস্থাই সামৰি ল’ব।
ইফালে এই বাছসমূহত যাত্ৰীৰ সুৰক্ষাৰ বাবে চি চি টিভি ব্যৱস্থা কৰা হৈছে। মূলতঃ মহিলাৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ব্য়ৱস্থা কৰা হৈছে। আনহাতে ট্ৰেফিক কণ্ট্ৰলৰ বাবে জি পি এছ ট্ৰেকিঙৰ ব্যৱস্থা কৰা হৈছে। এই বাছসমূহ যাত্ৰীসকলে নূন্যতম ১০ টকা ভাড়া আদায় দিব লাগিব। পৰৱৰ্তী সময়ত আৰু ২০০ খন ইলেকট্ৰিক বাছ সেৱা পৱৰ্তন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰে .