আজি আধাৰশিলা স্থাপন কৰা হ’ব গুৱাহাটীৰ দীর্ঘতম উৰণ সেতুৰ। দীঘলীপুখুৰীৰ পৰা নুনমাটি এফচিআইলৈ নিৰ্মাণ হ’ব এই উৰণ সেতুখন। ফ্লাই অভাৰখনৰ দৈৰ্ঘ্য হ’ব ৫ কিলোমিটাৰৰো অধিক।
আজি বিয়লি ৩৩০ বজাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উৰণ সেতুঁখনৰ আধাৰশিলা স্থাপন কৰিব ৷ সেঁতুখন নির্মাণত মুঠ ৮৫২.৬৮ কোটি টকা ব্যয় হ’ব ৷ দীঘলীপুখুৰী-নুনমাটি উৰণ সেতুৰ ন্যূনতম উচ্চতা হ’ব ৫.৭০ মিটাৰ। চান্দমাৰিত এই সেঁতুখনৰ ওপৰত নির্মাণ হ’ব ৰ’টাৰী ৷ এই ৰ’টাৰীৰে সংযোগ হ’ব ৰাজগড় ৰ’ডৰ ৷