বছৰৰ অন্তিমটো দিনত কচুৱা থানাৰ অন্তৰ্গত সাতলুঙাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।এগৰাকী বোৱাৰীয়ে গাত অগ্নি সংযোগ কৰি আত্মহনন কৰা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মৃত বোৱাৰীগৰাকী বিৰিঙাআটি হাটিখুঁটিৰ মজিনা খাতুন বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি বিৰিঙাআটিৰ মজিবুৰ ৰহমান আৰু হাৰেছা বেগমৰ পুত্ৰ ছৰিফুল ইছলামৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল মজিনা খাতুন।দুটা সন্তানৰ মাতৃ মাজিনা বেগমক নিতৌ শাহু হাৰেছা বেগমে মানসিক আৰু শাৰিৰীকভাৱে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । তেওঁৰ স্বামী ছৰিফুল ইছলাম কৰ্মসূত্ৰে বহিঃৰাজ্যত বাস কৰে ৷
দেওবাৰে শাহুৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি সাতলুঙাৰ মাতৃগৃহলৈ গুছি আহে মজিনা।ইয়াৰ পিছতে মাতৃগূহত কোনো নথকাৰ সুযোগ লৈ পাকঘৰত গাত তেল ঢালি আত্মহনন কৰে মজিনাই। আৰক্ষীয়ে শাহু হাৰেচা বেগমক আটক কৰে।