নববর্ষত এক সময়োচিত পদক্ষেপ গ্ৰহণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে ৷ এতিয়াৰে পৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা ব্যৱস্থা ডিজিটেলাইজ কৰা হ’ব ৷ সকলো ফাইলৰ কাম অনলাইন ব্যৱস্থাৰ জৰিয়তে সম্পন্ন কৰা হ’ব ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই নৱবৰ্ষৰ প্ৰথম দিনটোতেই বিশ্ববিদ্যালয় পৰিয়ালক সম্বোধন কৰি এই কথা ঘোষণা কৰে ৷
যোৰহাটৰ বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত তেওঁ কয় যে তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ে যথেষ্ট উন্নতি কৰিছে ৷ বিশ্ববিদ্যালয়ৰ নামভৰ্তি আৰু নিযুক্তিৰ ক্ষেত্ৰতো ইতিমধ্যে সম্পূৰ্ণ অনলাইন ব্যৱস্থা হাতত লোৱা হৈছে।
অসম কৃষি বিশ্ববিদ্যালয়ে শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত উল্লেখনীয় সাফল্য লাভ কৰিছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে শেহতীয়াকৈ ১০ টা উচ্চ উৎপাদনক্ষম বীজ উদ্ভাৱন কৰিছে ৷ মুক্ত আৰু দূৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে অধিক সংখ্যকক উপকৃত কৰাৰ বাবে পদক্ষেপ হাতত লোৱা হৈছে ৷ আগন্তুক বছৰত ৮০ টা নতুন বিষয়ত মুক্ত আৰু দূৰ শিক্ষা পাঠ্যক্ৰম মুকলি কৰাৰ পৰিকল্পনা কৰিছে ৷
অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে আঁত ধৰা এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়াসকলৰ লগতে বিভাগীয় মুৰব্বী অধ্যাপকসকল,গৱেষক বিজ্ঞানীসকল, কৰ্মচাৰীসকল আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।