২০২৩ বৰ্ষটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰৰ মুঠ ১১২ খন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে। এই কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে ১৫১৩ টা সিদ্ধান্ত। আজি এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
সোমবাৰে পুৱা নববর্ষ উপলক্ষে সংবাদমাধ্যমেৰে মত বিনিময় কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়,” ৩১ ডিচেম্বৰ, ২০২৩ লৈকে অসম চৰকাৰে ১১২ খন কেবিনেট বৈঠক অনুষ্ঠিত কৰিলে। এই বৈঠকত মুঠ ১,৫১৩ টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইয়াৰে ১,৩৭০ টা সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে। গুৱাহাটীৰ বাহিৰত এই বর্ষটোত মুঠ ৪ খন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে। চৰকাৰ গঠন কৰা ২ বছৰ ৮ মাহ সম্পূৰ্ণ হৈছে আৰু এই সময়ছোৱাত ১৩ খন কেবিনেট বৈঠক গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত কৰা হৈছে ।“
মুখ্যমন্ত্ৰী হিচাপে তেওঁ এই পৰ্যন্ত ২৮ খন জিলা ভ্ৰমণ কৰাৰ লগতে ৩১ দিন জিলাৰ সদৰত অতিবাহিত কৰিছে।