এতিয়া বনভোজৰ বতৰ। চৌদিশে কেৱল এতিয়া বনভোজৰ আয়োজন। আজি বছৰটোৰ পহিলা দিন। নবৰ্বষক আদৰৰ বাবে যেন সকলোৱে আনন্দ উল্লাসৰ মাজেৰে একলগে এসাজ খাবৰ বাবে ওলাই আহিছে বনভোজ স্থলীলৈ। ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে বনভোজৰ ব্যাপক প্ৰস্তুতি।নববর্ষৰ পহিলা দিনটোতে প্ৰতিখন বনভোজস্থলীতে দেখাল ব্যাপক জনসমাগম ৷
পুৱাৰ ভাগৰ পৰাই এই স্থানসমূহত ভিৰ পৰিলক্ষিত হৈছে ৷ মনোৰম সৌন্দৰ্যৰে আৱৰা এই স্থানত উপস্থিতসকলৰ কোনোৱে যদি নাচিছে কোনেৱে গাইছে গান।কোনোৱে যদি ৰান্ধিছে কোনোৱে আকৌ সৌন্দৰ্য উপভোগত ব্যস্ত হৈছে ।সকলো আনন্দত আত্মহাৰা হৈ পৰিয়াল, বন্ধু, আপোনজনৰ সৈতে এসাজ খাই আনন্দ উপভোগ কৰিছে বনভোজস্থলীত।
সমান্তৰালভাৱে আজি বছৰৰ প্ৰথম দিনটোত সত্ৰ-নামঘৰ-মন্দিৰসমূহত দেখা গ’ল ভক্তৰ ব্যাপক ভিৰ।নববর্ষটো যাতে ভালদৰে অতিবাহিত হয় তাৰেই প্ৰার্থনাৰে ভক্তসকলে নেদেখাজনৰ ওচৰত ধূপ-চাকি জ্বলাই প্ৰাথর্না কৰে ৷