নৱবৰ্ষৰ প্ৰথম দিনটোতে হঠাৎ অসুস্থ হৈ হাস্পতালত ভর্ত্তি হ’বলগীয়া হ’ল অভিনেতা দ্বীপজ্যোতি কেওঁট ৷ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ জৰিয়তে তেওঁ দর্শকৰ মাজত মোহন নামেৰে পৰিচিত হৈ পৰিছিল ৷ জানিব পৰা মতে হৃদৰোগত আক্ৰান্ত হৈছে দীপজ্যোতি কেওঁট ।
সোমবাৰে পুৱাৰ ভাগত হেল্থ চিটি হাস্পাতাললৈ ফোন কৰি তেঁওৰ শ্বাস-প্ৰশ্বাসত কিছু অসুবিধা পোৱাৰ লগতে বুকুৰ বিষৰ কথাও অৱগত কৰে ৷ চিকিৎসকে তেওঁক চিকিৎসালয়লৈ মাতি পঠিয়ায়। সোমবাৰে বিয়লি তেওঁ চিকিৎসালয়লৈ অহাৰ পাছতে স্বাস্থ্য পৰীক্ষাৰ অন্তত জৰুৰীভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় ৷ডাঃ মায়ংক আগৰৱালাৰ নেতৃত্বত চিকিৎসকৰ এটা দলৰ দ্বাৰা সম্পন্ন কৰা হয় তেওঁৰ জটিল অস্ত্ৰোপচাৰ।
কিন্তু এতিয়াও সংকটমুক্ত নহয় মোহন। চিকিৎসালয় কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি হৃদযন্ত্ৰত থকা দুডাল গুৰুত্বপূৰ্ণ সিৰাৰ এডাল এতিয়াও ৯৯ শতাংশ ব্লক হৈ আছে। আন এডাল সিৰা ৭০ শতাংশতকৈও অধিক অংশ ব্লক হৈ আছে। এনে পৰিস্থিতিত আগন্তুক ৪৮ ঘণ্টা মোহনক ৰখা হ’ব চিকিৎসকৰ সম্পূৰ্ণ নিৰীক্ষণত।