অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াক লৈ সামাজিক মাধ্যমত কৰা কিছু অৰুচিকৰ মন্তব্যই সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সেই মন্তব্যবোৰৰ প্ৰত্যুত্তৰ দিবলৈ গৈ অভিনেত্ৰী গৰাকীয়ে কিছু আবেগিক হৈ দাঙি ধৰা নিজৰ বক্তব্য সকলোৰে দৃষ্টিগোচৰ হৈছে।
কিছুদিন আগতে বৰ্ষাৰাণী বিষয়া ভাস্কৰ বৰুৱা নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বিয়াৰ সময়ত সৰ্বাধিক প্ৰচলিত বিষয়টো আছিল ভাস্কৰ বৰুৱাৰ বয়সৰ প্ৰসংগ।
ভাস্কৰ বৰুৱা বৰ্ষাতকৈ বয়সত সৰু। হয়তো দহ বছৰ বা তাতোকৈ বেছি। বৰ্ষাই কোনো এটা সাক্ষাৎকাৰত উল্লেখ কৰা অনুসৰি তেওঁৰ ইনষ্টাগ্ৰামৰ এটা পোষ্টত ভাস্কৰৰ কমেণ্টৰ উত্তৰ দিয়াৰ পাছতেই দুয়োৰে মাজৰ চিনাকী লাহে ঘণিষ্ঠতালৈ ৰূপান্তৰিত হয়।
এইদৰে কিছুদিনৰ পাছত তেওঁলোকে অনুভৱ কৰে যে দুয়োৰে মাজৰ সদ্ভাৱ সমগ্ৰ জীৱন একেলগে থাকিবলৈ যথেষ্ঠ। এনেকৈয়ে বৰ্ষা আৰু ভাস্কৰৰ বিয়া হৈ যায়।
সংবিধান অনুসৰি দুজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে ইচ্ছানুসৰি ব্যক্তিগত স্তৰত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ভাস্কৰ বা বৰ্ষা দুজন প্ৰাপ্তবয়স্ক অভিজ্ঞ ব্যক্তি। কেৱল সংবিধানৰ নিয়মৰ আওতাতেই নহয় বয়স আৰু জীৱন অভিজ্ঞতাৰেও দুয়ো পৰিপক্ক।
তেখেতসকলৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই সামাজিকভাৱে অপমান কৰাৰ আইনগত আৰু নৈতিক অধিকাৰ কোনো ব্যক্তিৰে নাই বা নাথাকে। এয়া এখন সুস্থ সমাজৰ পৰিপন্থী আৰু সমাজৰ বাবে অশুভ বাৰ্তা বুলি একাংশই অভিযোগ কৰিছে।
পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা এটাত এগৰাকী নাৰীৰ প্ৰতি আক্ৰমণ কিমান বেছি নিম্ন ৰুচিৰ হ’ব পাৰে সেই লৈও সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নৱনীতা তালুকদাৰ নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে এই সন্দৰ্ভত আমাক কয় যে, ২১ বছৰ বয়সত মোৰ বিয়া ঠিক হৈছিল। হ’বলগীয়া স্বামীৰ বয়স আছিল ৩৮। মোতকৈ ১৭ বছৰে ডাঙৰ। ঘৰৰ কোনেও এই সম্পৰ্কে একো নুলিয়ালেই। তেওঁলোক আৰু আমাৰ পৰিয়াল বা ওচৰ-চুবুৰীয়াৰ মন্তব্য আছিল, ল’ৰাৰ নো বয়স থাকেনে?
বৰ্ষাৰাণী বিষয়া, নৱনীতা তালুকদাৰৰ প্ৰিয় অভিনেত্ৰী। তেখেতৰ মতে বৰ্ষাৰাণী অতি শক্তিশালী ব্যক্তিত্বৰ এগৰাকী নাৰী, বৰ্ষাই এনে ধৰণৰ কথাবোৰ অলপো গুৰুত্ব সহকাৰে ল’ব নালাগে। পুৰুষজন যদি বয়সত ডাঙৰ হ’ব পাৰে তেন্তে নাৰীগৰাকী ডাঙৰ হ’লে সমাজৰ কি ক্ষতি হয়।
বৰ্ষাৰাণী বিষয়া এগৰাকী অভিনেত্ৰী আৰু সামাজিকভাৱে তেখেতৰ এটা পৰিচয় আছে বাবে কথাবোৰ সকলোৱে জানিছে আৰু সচেতনসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু বহু ব্যক্তিৰ হৈ মাত মাতিবলৈ কোনো নাথাকে।
এইখিনিতে আন একাংশৰ মনলৈ প্ৰশ্ন আহিছে, প্ৰেম-ভালপোৱা বা আবেগজনিত বিষয়বোৰ একান্তই ব্যক্তিগত। এজন সাধাৰণ ব্যক্তিৰো আবেগিক হোৱাৰ অধিকাৰ থাকে। তেনে ক্ষেত্ৰত ব্যক্তিগত সিদ্ধান্ত ল’বলৈ সমাজৰ শ্ৰুতলিপি শুনি নিজকে মানসিক নিৰ্যাতন দিয়াটো কিমান দূৰ যুক্তিসংগত!