অসম লোকসেৱা আয়োগৰ বহু চর্চিত ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত নন্দ বাবু সিঙৰ জামিন মঞ্জুৰ কৰিছে বিশেষ ন্যায়াধীশৰ আদালতে ৷ মঙলবাৰে আদালতে জামিন মঞ্জুৰ কৰাৰ লগে লগে তেওঁ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ’ল ৷ অসম লোক সেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিত গ্ৰেপ্তাৰ হৈছিল তেওঁ। বিশেষ তদন্তকাৰী গোটে জেৰা চলাই গ্ৰেপ্তাৰ কৰিছিল নন্দ বাবু সিঙক।
উল্লেখ্য যে ৰাকেশ পালৰ অন্যতম সহযোগী আছিল নন্দবাবু সিং ৷ আয়োগৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক হিচাপে কর্মৰত হৈ থকাৰ সময়ত নিযুক্তি কেলেংকাৰিত জড়িত হৈ পৰিছিল সিং ৷ তেওঁ কেইবাজনো প্ৰার্থীক বক্ৰপথেৰে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছিল ৷ আনকি তেওঁৰ কার্যকালতে কন্যাই এচিএছ হিচাপে বাচনি লাভ কৰিছিল ৷
আনহাতে, এ পি এছ বিষয়া চাহজাহান সৰকাৰৰ জামিন আৱেদন নাকচ কৰিছে আদালতে।