ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন৷ অহা ১২ ফেব্ৰুৱাৰীত ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৩০২৪ বর্ষৰ বাজেট দাখিলৰ সম্ভাৱনা আছে৷ অসম বিধানসভা সচিবালয়ৰ এটা উচ্চস্তৰীয় সূত্ৰই এই কথা সদৰী কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি ৫ ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হ’ব ৷ ৰাজ্যপালৰ সন্মতি সাপেক্ষে আগন্তুক বাজেট অধিৱেশন সন্দৰ্ভত সোমবাৰে আনুষ্ঠনিকভাৱে জাননী প্ৰকাশৰ সম্ভাৱনা আছে৷ উল্লেখ্য, ৰাজ্যিক কেবিনেট ৫ ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল৷
আগন্তুক লোকসভা নির্বাচনৰ পূর্বে দাখিল কৰিবলগীয়া বাজেটত যথেষ্ট চমক থকাৰ সম্ভৱনা আছে ৷ নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নতুন আঁচনি ঘোষণা কৰাৰ সম্ভাৱনা আছে হিমন্ত বিশ্ব শর্মা চৰকাৰে ৷