দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰা হ’ব নেকি ? শেহতীয়াকৈ এই প্ৰশ্নই ব্যাপক চর্চা লাভ কৰিছে ৷ ধনৰ অবৈধ সৰবৰাহৰ গোচৰক লৈ বৰ্তমান ইডিৰ নজৰত আছে দুয়ো গৰাকী মুখ্যমন্ত্ৰী ৷ দুয়োজনেই বিত্তীয় তদন্তকাৰী সংস্থাটোৰ চমনক প্ৰত্যাহ্বান জনায় জেৰাৰ বাবে হাজিৰ হোৱা নাই ৷ যাৰ বাবে এই দুজন মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰ হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
উল্লেখ্য যে সুৰা কেলেংকাৰীত ইডিয়ে অৰবিন্দ কেজৰিৱাললৈ চমন জাৰি কৰিছে ৷ কিন্তু এই চমন জাৰি কৰাৰ পাছতো কেজৰিৱাল হাজিৰ হোৱা নাই ৷ বৰঞ্চ আজি কেজৰিৱালৰ বাসগৃহত ইডিয়ে তালাচী চলোৱাৰ সম্ভাৱনা আছে বুলি চর্চা হৈছিল ৷ কিন্তু পৰৱর্তী সময়ত পোহৰলৈ অহা তথ্য অনুসৰি পুনৰ অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিবলৈ প্ৰস্তুতি চলাইছে ইডিয়ে ৷ কেজৰিৱালে কেলেংকাৰিৰ অভিযোগ নাকচ কৰি এয়া তেওঁক লোকসভা নির্বাচনত প্ৰচাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ ষড়যন্ত্ৰ বুলি অভিযোগ কৰিছে ৷
আনহাতে , ভূমি কেলেংকাৰিকে ধৰি কেইবাটাও গোচৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনলৈ ইডিয়ে চমন জাৰি কৰিছিল ৷ অৱশ্যে তেওঁ এই চমনক সহাঁৰি জনোৱা নাই ৷