অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি গুণোৎসৱ ২০২৪ৰ ১ম পৰ্যায়ৰ মূল্যায়ক হিচাপে কামৰূপ জিলাৰ আমিনগাঁও বাঙালী নিম্ন প্ৰাথমিক বিদ্যালয় আৰু দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভ্ৰমণ কৰে ।মন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ সময়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সৈতে মত বিনিময় কৰাৰ লগতে দুয়োখন শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশ আৰু আন্তঃগাঁথনিৰ মূল্যায়ন কৰে।
আমিনগাঁও বাঙালী নিম্ন প্ৰাথমিক বিদ্যালয়ত মন্ত্ৰী পাটোৱাৰীয়ে সুখী আৰু শিক্ষাদানৰ অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ অভিভাৱক আৰু শিক্ষকসকলক কণমানি ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ় দিয়াৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায় । শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্বৰ বিকাশৰ বাবে উত্তম সুযোগ প্ৰদান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে শৈক্ষিক সা-সুবিধাসমূহ পৰিদৰ্শন কৰে।
ইয়াৰ পিছতে মন্ত্ৰী পাটোৱাৰীয়ে গুণোৎসৱ ২০২৪ৰ অংশ হিচাপে দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভ্ৰমণ কৰে । তেওঁ সামগ্ৰিক শৈক্ষিক পৰিৱেশৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উভয়ৰে সৈতে মত বিনিময় কৰে আৰু কণমানি শিক্ষাৰ্থীসকলৰ সৈতে মধ্যাহ্ন ভোজনত অংশগ্ৰহণ কৰে। বিদ্যালয়খনৰ গৌৰৱোজ্জ্বল ইতিহাসৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এইখন বিদ্যালয়ৰ পৰাই শিক্ষাগ্ৰহন কৰি বিশ্বজুৰি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বহু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ উদাহৰণ দাঙি ধৰে।
বিদ্যালয়খনৰ বহুত অনুশাসনৰ পৰিৱেশৰ বাবে শিক্ষক আৰু প্ৰশাসকসকলক তেওঁ শলাগ লয়।শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি গুৰুত্ব দিবলৈ আৰু তেওঁলোকৰ সমস্যাসমূহৰ সমাধান বিচাৰি উলিওৱাত সহায় কৰিবলৈ আহ্বান জনায়।
মন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰে সকলো আন্তঃগাঁথনি আৰু সা-সুবিধা প্ৰদান কৰিছে যদিও নিজৰ জীৱন গঢ় দিবলৈ কঠোৰ পৰিশ্ৰম কৰাৰ দায়িত্ব ছাত্ৰ-ছাত্ৰীৰ ওপৰত। আজিৰ প্ৰতিযোগিতামূলক পৰিৱেশত যিকোনো ক্ষেত্ৰতে শ্ৰেষ্ঠ হ’বলৈ কঠোৰ পৰিশ্ৰমৰ আৱশ্যক বুলিও তেওঁ কয়।
তৃণমূল পৰ্যায়ত ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰতিভাক উৎসাহিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ খেল মহাৰণ আৰু সাংস্কৃতিক মহাৰণ কাৰ্যসূচীৰ ওপৰতো তেওঁ আলোকপাত কৰে।
মন্ত্ৰী পাটোৱাৰীয়ে শৈক্ষিক পৰিৱেশ পৰ্যবেক্ষণ কৰাৰ লগতে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ উন্নতিৰ ক্ষেত্ৰসমূহো চিনাক্ত কৰে। তেওঁ কয় যে মুঠ ১০৭৪ জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ প্ৰয়োজনীয়তাৰ বিষয়ে তেওঁ শিক্ষামন্ত্ৰীক অৱগত কৰিব আৰু বিদ্যালয়খনৰ বাবে অতিৰিক্ত ধন নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহন কৰিব ।
মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ শ্ৰেণীকোঠা, পুথিভঁৰাল আৰু অনাময় ব্যৱস্থাকে ধৰি অন্যান্য আন্তঃগাঁথনি পৰিদৰ্শন কৰে।