নৱম শতিকাত মৃতসঞ্জীৱনী বিচাৰি যোৱা চীনা ভিক্ষুসকলে দুৰ্ঘটনাক্ৰমে প্ৰাণঘাটী বাৰুদ আৱিষ্কাৰ কৰিম বুলি ভবা নাছিল। আপেক্ষিকতাবাদৰ তত্ব উদ্ভাৱন কৰি এলবাৰ্ট আইনষ্টাইনেও ভবা নাছিল যে তাৰ প্ৰয়োগ পাৰমাণৱিক বোমা সাজিবলৈ কৰা হ’ব। সেইদৰেই যেতিয়া যোৱা শতিকাৰ মাজভাগত বৃটিছ গণিতজ্ঞ এলেন টুৰিঙে আধুনিক কম্পিউটাৰ বিজ্ঞানৰ ভেঁটিটো গঢ়িছিল, তেওঁ জানো এবাৰলৈও ভাবিছিল যে সেই দিনটোৰ পৰা এটা শতিকাৰো কম সময়ৰ ভিতৰতে ই এটা নতুন সামৰিক বিপ্লৱৰ পথ মুকলি কৰি দিব? চকা আৰু বিজুলীশক্তিৰ আৱিষ্কাৰৰ দৰেই কৃত্ৰিম বুদ্ধিমত্তায়ো আমাৰ সভ্যতাক এক নতুন স্তৰলৈ লৈ যোৱাটো সঁচা। হয়তো আৰু কিছুদিনৰ ভিতৰতে কেনছাৰ, আলঝেইমাৰৰ দৰে দুৰাৰোগ্য ব্যাধি আমাৰ মাজৰপৰা নোহোৱা হ’ব। হয়তো কৃত্ৰিম বুদ্ধিমত্তায়েই আমাক জনাব পাৰিব নিউক্লীয় সংযোজন বিক্ৰিয়াৰ সহায়ত আমি শক্তিৰ অক্ষয় ভাণ্ডাৰ এটা কেনেকৈ গঢ়ি তুলিম। কিন্তু একে সময়তে এইটোও সঁচা যে কৃত্ৰিম বুদ্ধিমত্তাৰ ভয়ংকৰ অপপ্ৰয়োগ ইতিমধ্যে আৰম্ভ হৈছেই। ডীপফে’ক ভিডিঅ’ আৰু ফটোৰ কথা আমি আজি সকলোৱেই জানো। কিন্তু ডীপফে’কতকৈও ভয়াবহ ৰূপত কৃত্ৰিম বুদ্ধিমত্তাই দেখা দিব পাৰে। কিন্তু কেৱল সিমানেইনে? কৃত্ৰিম বুদ্ধিমত্তা আৰু জেনেটিক ইঞ্জিনিয়াৰিঙৰ সহায়ত কিছুমান ভয়ংকৰ ৰোগৰ মহামাৰী সৃষ্টি কৰিব পৰা বীজাণু গৱেষণাগাৰতে নিৰ্মাণ কৰি উলিয়াব পৰা যাব নেকি? জেনেটিক ইঞ্জিনিয়াৰিঙৰ সহায়ত আমি দৈত্য-দানৱো জন্ম দিব পাৰিম নেকি?
এনে কিছুমান সম্ভাৱনাকে কল্পনা কৰি ৰচনা কৰা হৈছে লেখক জীৱনজ্যোতি বৰদলৈৰ ‘ঈশ্বৰ’ নামৰ উপন্যাসখন। বিশিষ্ট প্ৰকাশক গোষ্ঠী মণিকূট প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা কিতাপখন আজি গুৱাহাটীত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাৰ প্ৰাংগণত থকা ড° বীৰেন্দ্ৰনাথ দত্ত সোঁৱৰণী সভাগৃহত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। অনুষ্ঠানটিত মুখ্য অতিথি হিচাবে উপস্থিত থাকি গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য, বিশিষ্ট কবি, আবৃত্তিকাৰ আৰু ঔপন্যাসিক অধ্যাপক ড° অমৰজ্যোতি চৌধুৰীদেৱে। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট কবি, গল্পকাৰ তথা সাংবাদিক অতনু ভটাচাৰ্য, বিশিষ্ট লেখক ডঃ পৱন চহৰীয়া আৰু অধ্যাপক ৰাহুল মহন্ত।
বিভিন্ন গ্ৰন্থ বিপণীৰ লগতে অচিৰেই এমাজন আৰু ফ্লিপকাৰ্ট যোগেও উপলব্ধ হ’বলগা গ্ৰন্থখনে পঢ়ুৱৈৰ সমাদৰ লভিব বুলি মণিকূট প্ৰকাশনৰ স্বত্বাধিকাৰ মৃণাল কুমাৰ মিশ্ৰই সভাৰ শেষত আশা ব্যক্ত কৰে।