প্ৰবীন সাংবাদিক যদু কাকতিৰ বৃহস্পতিবাৰে নিশা দেহৱসান ঘটে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতলত তেওঁ নিশা প্ৰায় ডেৰবজাত শিষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। বাৰ্ধক্যজনিক ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল বৰ্ষীয়ান সাংবাদিকগৰাকী।
উল্লেখ্য যে ১৯৬৬ চনত অসম বাতৰিৰ জৰিয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰিছিল যদু কাকতিয়ে ৷ ২০২০ চনৰ গণৰাজ্য দিৱসত তেওঁক সাংবাদিকতা বঁটাৰে সন্মানিত কৰিছিল ৰাজ্য চৰকাৰে। মিডিয়া ট্ৰাষ্ট, অসমৰ প্ৰতিষ্ঠা কালৰ অন্যতম খনিকৰ আছিল যদু কাকতি।
তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ এক শোকবার্তাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় –“প্ৰবীণ সাংবাদিক যদু কাকতিৰ বিয়োগৰ বাতৰিটো পাই মৰ্মাহত হৈছোঁ। ৬০ৰ দশকৰ পৰা সুদীৰ্ঘকাল সংবাদ সেৱাৰ সৈতে জড়িত হৈ তেখেতে সংবাদ জগতলৈ অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে। গণৰাজ্য দিৱস সাংবাদিক বঁটাৰে সন্মানিত কাকতিৰ বিদেহ আত্মাৰ সদগতি কামনাৰ লগতে তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। “