কেন্দ্ৰীয় চৰকাৰৰ আিনৰ বিৰুদ্ধে মটৰ শ্ৰমিকসকলে আহ্বান জনোৱা কর্মবিৰতিত আজি স্তব্ধ হৈ পৰিল ৰাজ্যৰ জনজীৱন ৷ অসম মটৰ-শ্ৰমিক সংগঠন আৰু পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ প্ৰতিবাদত ৰাজ্যত সর্বাত্মক প্ৰভাৱ পৰে ৷ ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। ব্যৱসায়িক বাহনসমূহৰ চলাচল সম্পূর্ণৰূপে বন্ধ থাকে ৷ যাৰ বাবে সাধাৰণ নাগৰিকসকল হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয় ৷ অৱশ্যে চৰকাৰী বাছসমূহৰ চলাচলে কিছু পৰিমানে সকাহ দিয়ে ৷ আজি পুৱা ৫ বজাৰ পৰা ৪৮ ঘণ্টীয়া কমৰবিৰতিৰ আহ্বান জনাইছে মটৰ শ্ৰমিকসকলে
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ নতুন আইন ভাৰতীয় ন্যায় সংহিতা-২০২৩ৰ অধীনত হিট এণ্ড ৰান গোচৰৰ বিৰোধিতাৰে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ মটৰ শ্ৰমিকসকলে ৷ তেওঁলোকে নতুন আইন বাতিল কৰাৰ দাবী উত্থাপন কৰিছে ৷
নিশা নৈশ বাছসমূহৰ চলাচল বন্ধ হৈ পৰাত আই এছ বি টিত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। সেইদৰে পুৱা মহানগৰীৰ প্ৰতিটো বাছ আস্থানতে দেখা গৈছে যথেষ্ট ভিৰ। মহানগৰীত বন্ধ হৈ পৰিছে কেব সেৱাও।
লক্ষণীয় যে দুৰ্ঘটনা সংঘটিত কৰা চালকক ১০ বছৰ কাৰাদণ্ডৰে দণ্ডিত হোৱাৰ লগতে ৭ লাখ টকা জৰিমনা বিহাৰ দিহা আছে এই নতুন আইনত ৷ যাক লৈ দেশজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷