আজিৰে পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে চৰাইদেউ মহোৎসৱ-২০২৪ ৷ চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই মহোৎসৱ ৷ আজি পুৱা চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে মহোৎসৱৰ মূল তোৰণ উন্মোচন কৰে ৷
ইয়াৰ পাছত মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিধায়ক ধর্মেশ্বৰ কোঁৱৰে। পতাকা উত্তোলনৰ পাছত স্মৃতি তৰ্পণ, স্বৰ্গদেউসকললৈ শ্রদ্ধাঞ্জলি অর্পণ আৰু বান-ফি পূজা অনুষ্ঠিত হয় ৷
দুপৰীয়া গ্রন্থমেলা আৰু বিপনী, পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য মেলা উদ্বোধন হ’ব। সাংসদ তপন কুমাৰ গগৈয়ে মহোৎসৱৰ মঞ্চ শুভ উদ্বোধন কৰে ৷
সন্ধিয়া স্বর্গদেউ চাওলুং চুকাফাৰ সমাধিস্থলীত ১০১ গচি বস্তি প্রজ্বলন কৰাৰ পাছত “চে-ৰাই-ডয়” শীৰ্ষক তথ্যচিত্র প্রদর্শন কৰা হ’ব ৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।