আজিৰে পৰা গুৱাহাটী মহানগৰীস্থিত গুৱাহাটীৰ খানাপাৰাস্থিত ফাৰ্মগেট খেলপথাৰত আৰম্ভ হৈছে পশুধন আৰু হাঁহ-কুকুৰা মেলা ২০২৪। অসম চৰকাৰৰ উদ্যোগত তথা পশুপালন বিভাগৰ সহযোগত আয়োজিত এই মেলা তিনি দিন ধৰি অনুষ্ঠিত কৰা হ’ব।
এই মেলাত প্ৰদৰ্শিত হ’ব পশুপালন আৰু দুগ্ধখণ্ডৰ শেহতীয়া প্ৰযুক্তি। পশুধন আৰু বহু বাণিজ্যিক পক্ষী প্ৰদৰ্শন আৰু বিক্ৰী কৰা হ’ব এই মেলাত। আনহাতে পশুধন আৰু হাঁহ-কুকুৰা মেলাত ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকলৈ ১লাখ টকাৰ পুৰস্কাৰ আগবঢ়াব পশুপালন বিভাগ তথা ৰাজ্য চৰকাৰে।
আজি এই মেলাখন উদ্বোধন কৰি ৰাজ্যৰ পশুপালন মন্ত্ৰী অতুল বৰাই কয় “ বাণিজ্যিক পশুপালনৰ প্ৰতি উৎসাহ যোগোৱা আৰু পশুপালন খণ্ডৰ শেহতীয়া প্ৰযুক্তি, জ্ঞান, বজাৰ তথা বিভিন্ন আঁচনিৰ সৈতে আমাৰ পশুপালক আৰু উদ্যোগীসকলক পৰিচিত কৰোৱাৰ লক্ষ্যৰেই অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ যৌথ উদ্যোগত ‘পশুধন আৰু হাঁহ-কুকুৰা মেলা’ৰ আয়োজন কৰি অহা হৈছে। ‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ দৰে আঁচনিৰ উপৰিও ৰাজ্য চৰকাৰৰ আন বহুকেইখন আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কৃষি, পশুপালন, পশু চিকিৎসা, দুগ্ধ উন্নয়ন আদি দিশসমূহৰ বিকাশত বিশেষ অগ্ৰাধিকাৰ দিছে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শেৰে আমি নতুন ভিজন লৈ পশুপালন আৰু পশু চিকিৎসা বিভাগক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছোঁ। এই ভিজনত নিহিত হৈ আছে আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ স্বপ্ন। এই চতুৰ্থ পশুধন আৰু হাঁহ-কুকুৰা মেলায়ো ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক স্ব-নিয়োজনৰ পথ দেখুওৱাই আত্মনিৰ্ভৰ অসম গঢ়াৰ যাত্ৰাক এক নতুন গতি দিব বুলি আমি গভীৰ আশাবাদী।“
আজিৰ এই উদ্বোধনী অনুষ্ঠানটিত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে ছিকিমৰ মন্ত্ৰী লোকনাথ শৰ্মা , সাংসদ কুইন ওজা ,সাংসদ তথা মাননীয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা , বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা, অসম পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, উপাধ্যক্ষ পৰেশ বৰকটকী, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰ, সচিব অভিজিৎ বৰুৱা, খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড° বিবেকানন্দ শইকীয়া প্ৰমুখ্যে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অন্যান্য বিষয়াসকলে ৷