অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কৰা হ’ব। ইয়াৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰাৰ লগতে অযোধ্যা মহানগৰীখন সজাই-পৰাই তোলা হৈছে ৷ ২২ জানুৱাৰীৰ দিনা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে মন্দিৰৰ দ্বাৰ মুকলি কৰিব ৷শ্ৰী ৰাম মন্দিৰৰ গৰ্ভগৃহত শ্ৰী ৰামৰ শিশু ৰূপটো প্ৰাণ প্ৰতিষ্ঠা কৰা অনুষ্ঠানত দেশ-বিদেশৰ কিছুসংখ্যক লোকক শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে অনুষ্ঠানত উপস্হিত থাকিবলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে ৷ ২২ জানুৱাৰীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন পন্থৰ ধৰ্মগুৰু, সন্ত, সত্ৰাধিকাৰ, খেলুৱৈ, সাংস্কৃতিক কৰ্মী, কৰসেৱক সহ মুঠ ২১৪ গৰাকী বিশেষ ব্যক্তিলৈ শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ফালৰ পৰা ইতিমধ্যে বিশেষ নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰা হৈছে ৷ এই কথা সদৰী কৰিছে বিশ্ব হিন্দু পৰিষদৰ অসম ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড: দীনেশ তিৱাৰীয়ে ৷
সেইমৰ্মে উত্তৰ অসম প্ৰান্তৰ পৰা ৬৩ গৰাকী ব্যক্তিয়ে বিশেষ নিমন্ত্ৰণী পত্ৰ লাভ কৰিছে ৷ উত্তৰ অসম প্ৰান্তৰ ৬৩ গৰাকী লোকৰ ভিতৰত সন্ত, ধৰ্মীয় গুৰু, সত্ৰাধিকাৰ, মা কামাখ্যা মন্দিৰৰ পুৰোহিত, বিভিন্ন জনজাতি সমাজৰ গুৰু, অসমৰ বিশিষ্ট খেলুৱৈ, সাংস্কৃতিক কৰ্মীৰ উপৰি শ্ৰী ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ নিধি প্ৰদান কৰা লোকে সকলেও নিমন্ত্ৰণ লাভ কৰিছে ৷
বিশ্ব হিন্দু পৰিষদৰ ক্ষেত্ৰ সংগঠন মন্ত্ৰী গৰাকীয়ে সদৰি কৰা অনুযায়ী, উত্তৰ অসম প্ৰান্তৰ ২৯ গৰাকী সত্ৰাধিকাৰ আৰু তেওলোকৰ সংগী ২০ গৰাকী, বিশিষ্ট খেলুৱৈ লাভলীনা বৰগোহাই, হিমা দাসকে ধৰি আন ৩৩ গৰাকী লোকক নিমন্ত্ৰণ জনোৱা হৈছে ৷ তদুপৰি, শ্ৰী ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ নিধি প্ৰদান কৰা আন ১৫ গৰাকী বিশেষ লোককো অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনোৱা হৈছে ৷
আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সংঘচালক ডা: উমেশ চক্ৰৱৰ্তী, বিশ্ব হিন্দু পৰিষদ, অসমৰ সভাপতি পৰমেশ দত্তকো উক্ত অনুষ্ঠানত বিশেষ নিৰ্বাচিত ব্যক্তি হিচাপে উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনাইছে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে ৷