আজি অনুষ্ঠিত হৈছে উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নির্বাচন ৷ মুঠ ২৮ খন আসনৰ বাবে ডিমা হাচাও জিলাত এই ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷ ডিমা হাছাও জিলাৰ অন্তৰ্গত ২২ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ ২৮ টা সমষ্টিৰ ভিতৰত ৬ টা সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপি প্ৰার্থীয়ে জয়লাভ কৰিছিল ৷ প্ৰয়োজন সাপেক্ষে পুনৰ ভোটদান অহা ১০ জানুৱাৰীত অনুষ্ঠিত হ’ব ৷ ১২ জানুৱাৰীত ঘোষণা কৰা হ’ব নির্বাচনী ফলাফল ।
পৰিষদৰ মুঠ ভোটাৰ হৈছে ১, ৪০,১৪৯ জন ৷ ইয়াৰে ৬৯ ,৮২৩ জন পুৰুষ আৰু ৭০,৩২৬ গৰাকী মহিলা ভোটাৰ ৷ ২৩১ টা কেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছে ৷ ইয়াৰে প্ৰায় ১৫টা অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ, ৩৬টা স্পৰ্শকাতৰ আৰু ২১টা তুলনামূলকভাৱে নিৰাপদ ভোটকেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে।
ইতিমধ্যে এই নির্বাচনৰ বাবে ডিমা হাচাওত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই প্ৰচাৰ চলাইছে ৷ তদুপৰি মন্ত্ৰী পীযুয হাজৰিকাইয়ো বাহৰ পাতি আছে ডিমা হাচাওত ৷ সমান্তৰালভাৱে প্ৰচাৰ চলাইছে বিৰোধী দলসমূহেও ৷ অৱশ্যে কোনে শেষ হাঁহি মাৰিব, তাৰ বাবে অহা ১২ জানুৱাৰীলৈ অপেক্ষা কৰিব লাগিব ৷