জনপ্ৰিয় শিল্পী জুবিন গার্গৰ সংগীতানুষ্ঠানকলৈ সময়ে সময়ে বিতর্কৰ সূচনা হৈ আহিছে । কেতিয়াবা যদি জুবিন গাৰ্গ নিজেই এই বিতৰ্কৰ কেন্দ্ৰ হৈ পৰে আন কেতিয়াবা আকৌ বিতর্কৰ আৱর্তত সোমাই পৰে তেওঁৰ অনুষ্ঠানৰ দৰ্শক।বিশেষকৈ সুৰাৰ ৰাগীত মাতাল হৈ একাংশ দর্শকে কৰা চৰম উদ্ভণ্ডালিয়ে সময়ে সময়ে জুবিনৰ সংগীতানুষ্ঠানত বিক্ষিপ্ত পৰিৱেশেৰ সূচনা কৰি আহিছে ৷
সোমবাৰে নিশাও তেনে এক ঘটনাই সংঘটিত হ’ল দেৰগাওঁত । মঞ্চত জুবিন গাৰ্গে গীত গাই থকাৰ সময়তে একাংশ উদণ্ড অনুৰাগী তথা যুৱকে সভাগৃহত থকা ১০০ ৰো অধিক চকী ভাঙি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে ।
দেৰগাওঁৰ নৃত্যাঞ্জলি কলা কেন্দ্ৰই অনুষ্ঠিত কৰা এই সংগীতানুষ্ঠানত সুৰামত্ত উদণ্ড যুৱকসকলে জুবিনৰ গানত নাচি-বাগি চকীসমূহ দলিয়াই এফালৰ পৰা ভাঙি গৈছে।
আয়োজক সমিতিয়ে বাৰে বাৰে তেওঁলোকক শান্ত হ’বলৈ আহ্বান জনাইছিল যদিও কাৰো কথাই নুশুনিলে এই সুৰাসক্ত যুৱকৰ দল। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া দেৰগাওঁত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। দেৰগাঁৱৰ জ্যেষ্ঠ লোকসকলে শীঘ্ৰে এই যুৱকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ আহ্বান জনাইছে।