বন্যপ্ৰাণীৰ অবৈধ সৰবৰাহৰ কৰিড’ৰত পৰিণত হৈছে অসম তথা উত্তৰ পূর্বাঞ্চল ৷ গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ ৪ ডাল কেঁকো সাপ জব্দ কৰা হৈছে । তেজছ এক্সপ্ৰেছযোগে সৰবৰাহ কৰিবলৈ চেষ্টা কৰা হৈছিল কেঁকো সাপকেইডাল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই সৰবৰাহকাৰীক । ৰে’ল আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে কেঁকো সাপকেইডাল।
একেখন ৰে’লতে ৫৩ কেজি গাঞ্জাও জব্দ। গাঞ্জাসহ ৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ। ৰে’লৱে আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ কৰা হয় এই গাঞ্জাখিনি। তেজছ এক্সপ্ৰেছৰ কেবিনৰ পৰা উদ্ধাৰ কৰা হয় গাঞ্জাখিনি। সৰবৰাহকাৰী ৰাকেশ দাস, ৰবীন্দ্ৰ মণ্ডল, অজয় কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছে ৷ আগৰতলাৰ পৰা কাতিহাৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল গাঞ্জাসমূহ ।