VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰসিদ্ধ সংগীত পৰিচালক ভূপেন উজীৰৰ বিয়োগত শোকস্তব্ধ ৰাজ্য, নৱগ্ৰহত শেষকৃত্য

voicedesk by voicedesk
January 10, 2024
in মুখ্য সংবাদ
প্ৰসিদ্ধ সংগীত পৰিচালক ভূপেন উজীৰৰ বিয়োগত শোকস্তব্ধ ৰাজ্য, নৱগ্ৰহত শেষকৃত্য
0
SHARES
762
VIEWS
Share on FacebookShare on Twitter

অসমীয়া সংগীত জগতত গভীৰ শূণ্যতাৰ সৃষ্টি কৰি ইহসংসাৰ ত্যাগ কৰিলে বিশিষ্ট বাদ্যযন্ত্ৰী- সংগীত পৰিচালক ভূপেন উজীৰে ৷ মঙলবাৰে নিশা নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে ৷ ৬জানুৱাৰীত তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছিল শিল্পীগৰাকী। প্ৰয়াত ভূপেন উজিৰৰ মৃত্যু অসমীয়া সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ’ব।

 

 

ভূপেন উজীৰে ১৯৫৩ চনৰ ৫ এপ্ৰিলত যোৰহাটত জন্মগ্ৰহণ কৰিছিল। শিল্পী গৰাকীয়ে যোৰহাটত শৈশৱ পাৰ কৰিছিল। প্ৰথমে গীটাৰিষ্ট হিচাপে জীৱন আৰম্ভ কৰা ভূপেন উজীৰে ভূপেন হাজৰিকা-জয়ন্ত হাজৰিকাৰ সৈতেও গীটাৰ বজাইছিল ৷ পৰৱর্তী সময়ত তেওঁ অসমীয়া ছবিৰ সংগীত পৰিচালনা কৰি খ্যাতি অর্জন কৰে ৷

 

আজি পুৱা তেওঁৰ নশ্বৰদেহ মহানগৰীৰ মঠঘৰীয়াস্থিত বাসগৃহলৈ অনা হয় ৷ ইয়াতে তেওঁক গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ আজি বিয়লিৰ ভাগত তেওঁৰ অন্তিম সংস্কাৰ নৱগ্ৰহত সম্পন্ন কৰা হ’ব ৷  মৃত্যুৰ সময়ত পত্নী শান্তা উজীৰ আৰু দুই কন্যা প্ৰীতিস্মিতা উজীৰ খানুজা আৰু কীৰ্তিকা উজীৰ শৰ্মাক ইহসংসাৰত এৰি যায় ৷

 

 

উল্লেখ্য যে ভূপেন উজীৰে সুৰ কৰা বা সংগীতেৰে সজোৱা অসমীয়া গীতৰ তালিকা যথেষ্ট দীঘলীয়া। সংগীত পৰিচালক, সুৰকাৰ, গীটাৰবাদক, শব্দযন্ত্ৰী, গীতিকাৰ, বাদ্যযন্ত্ৰী হিচাপে অনন্য আছিল শিল্পী ভূপেন উজীৰ। ২০ খনৰো অধিক ছবিত তেওঁ সংগীত পৰিচলনা কৰিছিল। জীৱন সুৰভি, ব’হাগৰ দুপৰীয়া, প্ৰতিদান, জখম, উৰ্বশী, এই মৰম তোমাৰ বাবে, পূজা, পিতা পুত্ৰ, ভাই ভাই, যৌৱনে আমনি কৰে, বুকুৰ মাজত জ্বলে, অঘৰী আত্মা, বৰদৈচিলা আদিকে ধৰি কেইবাখনো জনপ্ৰিয় ছবিৰ সংগীত পৰিচালনা কৰিছিল ভূপেন উজীৰে। তেওঁ সংগীত পৰিচালনা কৰা প্ৰথমখন ছবি আছিল দেৱী। পত্নী শান্তা আৰু ভূপেন উজীৰৰ যুটী অসমীয়া সংগীত জগতৰ বাবে এক অনবদ্য অৱদান। সংগীত পৰিচালক জিতু তপনৰ দ্ৱাৰা পৰিচালিত অৰ্কেষ্ট্ৰাত গীটাৰ বজাইছিল ভূপেন উজীৰে।

 

 

তেওঁ ভাৰতীয় খাদ্য নিগমত চাকৰিত যোগদান কৰিলেও সংগীতৰ সাধনা এৰি দিয়া নাছিল। এসময়ত সংগীত যাত্ৰা ব্যাহত হোৱা বাবে এফচিআইৰ চাকৰি ত্যাগ কৰিছিল শিল্পীগৰাকীয়ে। গীতানগৰৰ ভাড়াঘৰত ভূপেন উজীৰে আৰম্ভ কৰিছিল অডিটেক নামৰ নিজৰ ষ্টুডিঅ’টো। এটা ছেকেণ্ডহেণ্ড শব্দগ্ৰহণ যন্ত্ৰ ক্ৰয় কৰি তেওঁ অডিটেক আৰম্ভ কৰিছিল।এই ষ্টুডিঅ’তে নবীন প্ৰবীন বহু শিল্পীয়ে গীত ৰেকর্ডিং কৰিছিল ৷

 

 

ভূপেন উজীৰৰ দেহাৱসানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে ৷এক শোকবার্তাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় -এগৰাকী সংগীতকাৰ হিচাপে দীৰ্ঘদিন ধৰি সুৰৰ সাধনাৰে তেখেতে অসমৰ সাংস্কৃতিক জগতখনলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গ’ল। কেইবাটাও প্ৰজন্মক সংগীতৰ জৰিয়তে মোহাচ্ছন্ন কৰি ৰখা ভূপেন উজীৰ ডাঙৰীয়াৰ বিয়োগ আমাৰ সাংস্কৃতিক জগতখনৰ বাবে অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে উজীৰ ডাঙৰীয়াৰ শোকসন্তপ্ত পৰিয়াল তথা গুণমুগ্ধসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিলো ৷

 

 

 

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ পঞ্চম পক্ষী গণনা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ পঞ্চম  পক্ষী গণনা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ পঞ্চম পক্ষী গণনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7