শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাৰ দেহাৱসান ঘটিছে ৷ বুধবাৰে পুৱতি নিশা প্ৰায় ৩-৩০বজাত তেওঁ শেষনিশ্বাস ত্যাগ কৰে ৷
কলিয়াবৰৰ নিবাসী হাজৰিকাই কেন্দ্ৰীয় সেৱাবাহিনীৰ প্ৰথমগৰাকী মুখ্য সচিব হিচাপে দায়িত্ব পালন কৰিছিল । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেইবাটাও কার্যকালৰ বাবে তেওঁ প্ৰধান সম্পাদকৰ দৰে গুৰু দায়িত্ব গ্ৰহণ কৰি সংঘক সন্মুখৰ পৰা নেতৃত্ব দিছিল।
উল্লেখ্য যে, জটিল ৰোগত আক্ৰান্ত হৈ আছিল হাজৰিকা । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট অৰিহনা আগবঢ়াইছিল ৷
তেওঁৰ মৃত্যুত শোকৰ ছা পৰিছে শংকৰদেৱ সংঘত। তেওঁৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।