অসম এৰিবলৈ সাজু হৈছে আন এজন জ্যেষ্ঠ আইএএছ বিষয়াই ৷ এইবাৰ অসম এৰিব আইএএছ বিষয়া সমীৰ কুমাৰ সিনহাই৷ দীৰ্ঘদিন ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূর্ণ পদবীত তেওঁ দায়িত্ব পালন কৰিছে ৷ সম্প্ৰতি তেওঁ মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কর্মৰত ৷
সমীৰ কুমাৰ সিনহাই নতুন দায়িত্ব ল’ব প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু সঞ্চালকপ্ৰধান ৰূপে ৷ কেন্দ্ৰীয় চৰকাৰে তেওঁক উক্ত পদবীৰ বাবে বাচনি কৰিছে ৷
উল্লেখ্য যে ১৯৯৪ চনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আইএএছ) বিষয়া সমীৰ কুমাৰ সিনহা৷ বৰ্তমান বিষয়াগৰাকী অসম-মেঘালয় কেডাৰত কাম কৰি আছে৷ কেন্দ্ৰীয় কৰ্মচাৰী মন্ত্ৰালয়ৰ এক নিৰ্দেশত কোৱা হৈছে যে কেবিনেটৰ নিযুক্তি সমিতিয়ে প্ৰতিৰক্ষা বিভাগৰ অতিৰিক্ত সচিব আৰু সঞ্চালকপ্ৰধান (অধিগ্ৰহণ) হিচাপে তেওঁৰ নিযুক্তিত অনুমোদন জনাইছে।