VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কলিয়াবৰত অগপ বিশাল বুথ সন্মিলন

লোকসভা নিৰ্বাচনত সমুলঞ্চে নিঃচিহ্ন হ’ব কংগ্ৰেছঃ অতুল বৰা

voicedesk by voicedesk
January 10, 2024
in মুখ্য সংবাদ
কলিয়াবৰত অগপ বিশাল বুথ সন্মিলন
0
SHARES
58
VIEWS
Share on FacebookShare on Twitter

আজি কাজিৰঙা সংসদীয় সমষ্টিত অসম গণ পৰিষদ দলৰ এখনি বিশাল বুথ কৰ্মী সন্মিলন কলিয়াবৰৰ কুৱৰিটোলস্থিত কলিয়াবৰ শিক্ষন মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়। প্ৰায় বিশ সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত এই বুথ সন্মিলনৰ আৰম্ভনিতে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত সহ কেন্দ্ৰীয় নেতৃত্বক কুৱঁৰীটোলৰ পৰা সন্মিলনস্থলীলৈ সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনা হয়। সন্মিলনত আদৰণি ভাষণ প্ৰদান কৰে সম্পাদক তথ্য প্ৰযুক্তি মণিমাধৱ মহন্ত আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আজি কলিয়াবৰত অনুষ্ঠিত অগপৰ কাজিৰঙা সংসদীয় সমষ্টিৰ বুথ কৰ্মী সন্মিলনত অংশগ্ৰহণ কৰি অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, সংগ্ৰামী ইতিহাসৰ মাজেৰে আহি দুবাৰকৈ ৰাজ্যত চৰকাৰ গঠন কৰা ৰাজনৈতিক দল- অগপ।

ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তত অগপৰ শিপা আছে আৰু এই শিপাডাল এতিয়া অধিক মজবুত তথা বিস্তাৰিত কৰাৰ প্ৰয়োজন বুলি কৈ সভাপতি বৰাই অগপৰ ভৱিষ্যৎ অতি উজ্জ্বল বুলি মন্তব্য কৰে। দলীয় সদস্যসকলক নিজ নিজ বুথত কৰ্মকৰ্তাৰ সংখ্যা বৃদ্ধিৰে দলৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায়। সন্মিলনত সভাপতি অতুল বৰাই উল্লেখ কৰে যে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ পিছত কংগ্ৰেছে দেশৰ ৫ ৰাজ্যৰ শেহতীয়া নিৰ্বাচনত পৰাজয়ৰ প্ৰথম পৰ্য্যায় দেখিলে আৰু এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে পৰাজয়ৰ দ্বিতীয় পৰ্য্যায় দেখাৰ লগতে পৰাজয়ৰ এক নতুন ইতিহাসো ৰচিব। সভাপতি বৰাই ৰাহুল গান্ধীক অসমলৈ স্বাগতম জনাইছোঁ বুলি কটাক্ষ কৰি কয় যে, উত্তৰ-পূবৰ দুৱাৰমুখত ভৰি দিয়েই ৰাহুল গান্ধীয়ে ৰাজ্যখনৰ বিকাশৰ এক নতুন প্ৰতিচ্ছবি দেখিবলৈ পাব। কংগ্ৰেছে মনত ৰখা ভাল- বিকশিত অসমৰ জনসাধাৰণে এতিয়া আৰু কংগ্ৰেছক গ্ৰহণ নকৰে। বৰাই কয় যে, কংগ্ৰেছ- এআইইউডিএফ কথাৰে সংখ্যালঘুৰ ত্ৰাণকৰ্তা, কিন্তু কামত ঘোৰ শত্ৰু।

স্বাধীনতাৰ পাছত বহু বছৰ শাসনত থকা কংগ্ৰেছে সংখ্যালঘুৰ সৰ্বাংগীণ বিকাশ ত্বৰান্বিত কৰা নাই বৰঞ্চ এতিয়াহে সংখ্যালঘুসকলৰ বিকাশ আৰু প্ৰগতি ত্বৰান্বিত হৈছে বুলি কোৱাৰ লগতে কাজিৰঙা সংসদীয় সমষ্টিতো এইবাৰ কংগ্ৰেছৰ সূৰ্য অস্তমিত হ’ব বুলি মন্তব্য কৰে। সন্মিলনত সভাপতিয়ে আগন্তুক লোকসভা তথা আগন্তুক নিৰ্বাচনসমূহত কাজিৰঙা সংসদীয় সমষ্টিৰ অধীনস্থ প্ৰতিটো বুথত অগপই যাতে শক্তি প্ৰদৰ্শন কৰিব পাৰে, তাৰ বাবে নিজ নিজ বুথবোৰত সাংগঠনিক ভেটি মজবুত কৰি নিষ্ঠাৰে কাম কৰি যাবলৈ দলীয় সদস্যসকলক আহ্বান জনায়। সন্মিলনত দলৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই, কাজিৰঙা সংসদীয় সমষ্টিৰ অৰ্ন্তগত বুথ সমিতি সমূহৰ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰি সন্মিলনখনত সমবেত হোৱা সতীৰ্থসকলৰ অভূতপূৰ্ব উৎসাহ-উদ্দীপনা প্ৰত্যক্ষ কৰি কয় যে, জনসমাগমেই প্ৰতীয়মান কৰিলে অসম গণ পৰিষদৰ প্ৰতিগৰাকী সদস্যই সভাপতি অতুল বৰাৰ নেতৃত্বত ন-সাজেৰে সমন্বয়ৰ ধাৰাৰে প্ৰাণৱন্ত হৈ উঠিছে ৷ আঞ্চলিক ৰাজনৈতিক দল হিচাপে অসম গণ পৰিষদে আঞ্চলিক দায়িত্ব পালন কৰি গৈছে আৰু জাতীয় স্বাৰ্থ সুৰক্ষিত কৰি ৰাজ্যখনক সৰ্বাংগসুন্দৰ ৰূপ দিয়াত অসম গণ পৰিষদ দল বদ্ধপৰিকৰ। মহন্তই লগতে কয় যে, সমাগত লোকসভা নিৰ্বাচনত বিৰোধীক সমুলঞ্চে নস্যাৎ কৰি মিত্ৰজোঁটক আদৰি লোৱাৰ বাবে ৰাইজ ইতিমধ্যে প্ৰস্তুত হৈছে আৰু পূৰ্ণোদ্যমে ৰাইজৰ তৃণমূল স্তৰত সম্পৰ্ক স্থাপন কৰি বুথ সমূহ সক্ৰিয় কৰিবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায় ৷ সন্মিলনত জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা০ কমলাকান্ত কলিতা, ভূপেন ৰায়, প্ৰবীন হাজৰিকা, উপ-সভাপতি ভৱেন ভৰালী, ড০ নৃপেন বৰুৱা, সম্পাদক নুৰুল চুলতান, অতুল মেধি, সম্পাদক তথ্য প্ৰযুক্তি মণিমাধৱ মহন্ত, সম্পাদক প্ৰচাৰ ড০ তপন দাসকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় নেতৃত্ব, কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ জিলা সমিতি আৰু বিধান সভা সমষ্টি সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকল, দলৰ ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি, সাধাৰণ সম্পাদকসকলৰ লগতে বুথ সমিতিসমূহ সভাপতি, সম্পাদকৰ লগতে সদস্যসকল উপস্থিত থাকে।

Previous Post

ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ চৌকাত জুই জ্বলাই শুই পৰিছিল শান্তিৰে, শ্বাসৰুদ্ধ হৈ একেটা পৰিয়ালৰ পাঁচজনৰ মৃত্যু

Next Post

হাজী শেইখ গোলাম ইব্ৰাহীম আৰু দীপ্তি বৰুৱা সোঁৱৰণী সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
হাজী শেইখ গোলাম ইব্ৰাহীম আৰু দীপ্তি বৰুৱা সোঁৱৰণী সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি

হাজী শেইখ গোলাম ইব্ৰাহীম আৰু দীপ্তি বৰুৱা সোঁৱৰণী সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7