বিলকিছ বানু ৷ দেশজুৰি সম্প্ৰতি চর্চা লাভ কৰিছে এইগৰাকী মহিলাই ৷ অন্যায়ৰ বিৰুদ্ধে এখন দীঘলীয়া সংগ্ৰাম কৰি অৱশেষত জয়ী হোৱা এই গৰাকী মহিলাই দেখুৱাই দিছে দেশৰ আইন ব্যৱস্থাৰ ওচৰত এতিয়াও হেৰাই যোৱা ন্যায় ৷ কিন্তু তেওঁৰ এই সাহসী যুজখনত তেওঁ কেতিয়াও অকলশৰীয়া নাছিল ৷ ইয়াৰ আঁৰত জড়িত হৈ আছে আন কেইজনমান বিশিষ্ট লোক ৷ এই প্ৰতিবেদনৰ জৰিয়তে আমি লৈ আহিছো এইগোচৰটোৰ আঁৰত থকা ব্যক্তিসকলৰ বিষয়ে ৷ ইয়াৰ পূর্বে জানো আহকচোন কি ঘটিছিল বিলকিছ বানুৰ সৈতে ?
আমি ওভতি যাব লাগিব ২০০২ চনলৈ ৷ সেই সময়ত সংঘটিত গোধৰা সংঘর্ষৰ পিছত গুজৰাটত বিয়পি পৰিছিল সাম্প্ৰদায়িক হিংসা ৷যাৰ নৃশংস বলি হৈছিল বহু সাধাৰণ লোক ৷ ইয়াৰে অন্যতম আছিল দহোৰ জিলাৰ দেৱগড়ৰ বৰিয়া গাঁৱৰ বাসিন্দা পাঁচ মাহৰ গৰ্ভৱতী বিলকিছ বানু ৷ ১১ জন লোকে বিলকিছৰ চকুৰ সন্মুখতে তিনি বছৰীয়া কন্যাক শিলৰ টুকুৰাৰে আঘাত কৰি নির্মমভাৱে হত্যা কৰাৰ লগতে ধর্ষণ কৰিছিল বিলিকিছক ৷ পৰৱর্তী সময়ত চিবিআইয়ে এই ঘটনাৰ তদন্ত কৰে আৰু ইয়াৰ ভিত্তিতে মুম্বাইৰ এখন আদালতে ২০০৮ চনৰ ২১ জানুৱাৰীত ১১ জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ কিন্তু ৰহস্যজনভাৱে ২০২২ চনৰ ১৫ আগষ্টত গুজৰাট চৰকাৰে বিলকিছৰ ধর্ষনকাৰীসকলৰ শাস্তি ক্ষমা কৰি দিয়ে আৰু তেওঁলোকক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় ৷ গুজৰাট চৰকাৰৰ এই কাণ্ডক দেশজুৰি তীব্ৰ সমালোচনা কৰে ৷
সেই সময়তে বিলকিছ বানুক ন্যায় দিবলৈ আন এখন যুদ্ধ আৰম্ভ কৰে কেইবাজনো বিশেষ ব্যক্তি ৷ বিলকিছৰ উপৰি গুজৰাট চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়লয়ৰ দ্বাৰস্থ হয় মহুৱা মৈত্ৰ , ৰেৱতী লাউল, শোভা গুপ্তা, মীৰন চাদ্ধা বৰৱংকৰ, সুভাষিনী আলী আৰু ৰূপ ৰেখা বাৰ্মা। অৱশেষত উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰৰ সিদ্ধান্ত বাতিল কৰি আটাইকেউজন দোষীক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ নির্দেশ দিছে ৷ কিন্তু এই গোচৰটোত উচ্চতম ন্যায়ালয়ত বিলকিছৰ হৈ যুঁজখন আগবঢ়াই নিয়ে প্ৰখ্যাত অধিবক্তা শোভা গুপ্তাই ৷
২০০৩ চনৰ পৰা অধিবক্তা শোভা গুপ্তাই বিলকিছৰ কাষত থিয় হৈ আইনী সহায় আগবঢ়াই আহিছে। যোৱা দুটা দশক ধৰি গুপ্তাই বিলকিছক ন্যায় প্ৰদান কৰিবলৈ মৰণপণ প্ৰচেষ্টা চলাইছিল ৷ নিম্ন আদালতেই হওক, উচ্চ ন্যায়ালয়েই হওক, অথবা উচ্চতম ন্যায়ালয়েই হওক, সকলো সময়তে বিলকিছৰ কাষত থিয় দি শোভা গুপ্তাই আশা আৰু ন্যায়ৰ প্ৰতীক হিচাপে গোচৰটো অতি পতিয়ন যোগ্যভাৱে স্থাপন কৰিছিল ৷
শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ পাছত শোভা গুপ্তাই সংবাদমাধ্যমৰ আগত কয় যে এয়া কেবল বিলকিছৰ জয় নহয় বৰঞ্চ একেধৰণৰ কষ্টৰ সন্মুখীন হোৱা শ শ মহিলাৰ সামূহিক জয়। কেবল বিলকিছেই নহয় বহু অসহায় লোকৰ বাবে গুপ্তা হৈছে সহায়ৰ হাত ৷ ১৬ বছৰতকৈও অধিক সময় ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ স্থায়ী অধিবক্তা হিচাপে কাম কৰা শোভা গুপ্তা এগৰাকী উকীল হিচাপে বিভিন্ন সামাজিক কামত সক্ৰিয়ভাৱে জড়িত হৈ আছে ৷ আইনী বিষয়ত নাবালকসকলক প্ৰ’ ব’নো আইনী সহায় আগবঢ়োৱাৰ লগতে অৰ্থনৈতিকভাৱে বঞ্চিতসকলৰ বাবে আইনী সাহায্য শিবিৰ আৰু দৰিদ্ৰসকলক সাধাৰণ বিনামূলীয়া আইনী সহায় তেওঁ প্ৰদান কৰি আহিছে
ইয়াৰ উপৰিও এক দশকৰো অধিক সময় উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত কেইবাটাও গোচৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক প্ৰতিনিধিত্ব কৰিছিল। ব্যক্তিগত বিদ্যালয়ৰ বিভিন্ন আইনী গোচৰৰ সৈতে তেওঁ দীৰ্ঘদিনী জড়িত আছে ৷ য’ত মাচুল নিৰ্ধাৰণ, নামভৰ্তি সম্পৰ্কীয় নিৰ্দেশনা, পেমেণ্ট অৱ গ্ৰেচুইটি আইন সংশোধন, গাংগুলী সমিতিৰ পৰামৰ্শ, শিক্ষাৰ অধিকাৰ আইনক প্ৰত্যাহ্বান আদিৰ দৰে বিষয়ত যুজি আহিছে ।
শেহতীয়াকৈ গুপ্তাই মহিলাৰ মানৱ অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধি, সমতাপূৰ্ণ আৰু সন্মানজনক পৰিৱেশ গঢ়ি তোলা, আৰু দুৰ্দশাগ্ৰস্ত মহিলাসকলক সহায় কৰাৰ বাবে উৎসৰ্গিত সামাজিক মঞ্চ ‘উই ৱ’মেন অৱ ইণ্ডিয়া ’ প্ৰতিষ্ঠা কৰে ৷ ক’ভিড-১৯ মহামাৰীৰ প্ৰত্যাহ্বানমূলক দ্বিতীয় ঢৌৰ সময়ত অসংখ্য ব্যক্তিক সহায় আগবঢ়াইছিল এই সংস্থাই ।
পূৰ্বৰ ৰাজস্থান ৰাজ্যিক বিদ্যুৎ ব’ৰ্ড ,নেচনেল ক্ষুদ্ৰ উদ্যোগ নিগম লিমিটেড আৰু ৰাজস্থান চৰকাৰৰ সম্পূৰ্ণ মালিকানাধীন প্ৰতিষ্ঠান ৰাজস্থান ষ্টেট ৰোড ডেভেলপমেণ্ট এণ্ড কনষ্ট্ৰাকচন কৰ্পৰেশ্যন লিমিটেড আদিৰ দৰে সংস্থাৰ তেওঁ আছিল পেনেল অধিবক্তা ৷
অপৰাধমূলক কাম কাজত জড়িত নাবালকক বিনামূলীয়া আইনী সাহায্য প্ৰদান কৰা “FLAG—Free Legal Aid Group”ৰ প্ৰতিষ্ঠাপক হৈছে অধিবক্তাগৰাকী ৷ বিলকিছ বানোৰ গোচৰটোত উচ্চম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ ন্যায়াধীশ বি ভি নাগাৰত্নৰ মন্তব্যও অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে ৷ ন্যায়াধীশ গৰাকীয়ে ৰায়ত কয় যে যিকোনো বিশ্বাসৰ প্ৰতি বা যি ধৰ্মমতৰ অন্তৰ্গত নহওক কিয়, তেওঁক যিমানেই উচ্চ বা নিম্ন বুলি গণ্য কৰা নহওক কিয়, এগৰাকী নাৰী সন্মানৰ যোগ্য। নাৰীৰ বিৰুদ্ধে সংঘটিত জঘন্য অপৰাধক ক্ষমাৰ অনুমতি দিব পাৰিবনে? “