সম্প্ৰতি অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেউখন ৰাজ্যতে নিম্নগামী হৈছে পাৰাস্তম্ভ ৷ ঘন কুঁৱলীয়ে আগুৰি ধৰাত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি অনাগত ৫দিনলৈ অব্যাহত থাকিব হাড় কপোৱা জাৰ। উত্তৰ-পূবৰ লগতে অসমৰো ঠায়ে ঠায়ে বৃদ্ধি পাব শীতৰ প্ৰকোপ।
অহা ১৫ জানুৱাৰী পৰ্যন্ত থাকিব শীতৰ প্ৰকোপ ৷লগতে ঘন কুৱলীয়ে আৱৰি থাকিব ৰাজ্য ৷ এইক্ষেত্ৰত যান-বাহনৰ চালকসকলে সাৱধানতা অৱলম্বন কৰিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰই পৰামর্শ আগবঢ়াইছে ৷
উল্লেখ্য যে শীতৰ প্ৰকোপৰ পৰা বাচিবলৈ ঠায়ে ঠায়ে জুইৰ আমেজ লোৱা পৰিলক্ষিত হৈছে ৷