ৰাজ্যৰ লাখ-লাখ মহিলালৈ সুখবৰ ৷ চৰকাৰে ৰাজ্যৰ মহিলাসকললৈ আগবঢ়াব ১০ হজাৰ টকাকৈ ৷ গ্ৰাম্য মহিলা সবলীকৰণৰ বাবে নতুন আঁচনি আজি মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷অসমৰ আত্মসহায়ক গোটৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে ১০ হাজাৰকৈ টকা লাভ কৰিব ৰাজ্যৰ মহিলাসকলে। ৰাজ্যৰ ৩৯ লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা। প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰে ১০,০০০ টকাকৈ মহিলাসকলক দিয়া হ’ব ৷ । পৰৱৰ্তী সময়ত এই ধন ২৫,০০০ টকালৈ বৃদ্ধি কৰা হ’ব ৷ ইয়াৰে ২৫,০০০ টকাৰ ১২,৫০০ টকা চৰকাৰে দিব আৰু ১২,৫০০ টকা বেংকে মহিলাসকলক দিব। চৰকাৰৰ পৰা দিয়া ধন উভতাই দিব নালাগে। কিন্তু পৰ্যায়ক্ৰমে বেংকৰ পৰা দিয়া ধন উভতাই দিব লাগিব মহিলাসকলে।
অৱশ্যে এইক্ষেত্ৰত কেইবাটাও চর্ত বান্ধি দিয়া হ’ব ৷ মহিলাগৰাকীয়ে ব্যৱসায় কৰিব পাৰিব নে নাই সেয়া চোৱা হ’ব। দ্বিতীয়তে মহিলাগৰাকীয়ে নিজৰ ছোৱালী সন্তানক স্কুললৈ পঠিয়াম বুলি লিখিত প্ৰতিশ্ৰুতি দিব লাগিব। সন্তানৰ ক্ষেত্ৰতো থাকিব সীমাৱদ্ধতা ৷ সাধাৰণ শ্ৰেণী আৰু অ’বিচিৰ বাবে ৩টা সন্তান থাকিলে লাভ কৰিব এই আঁচনিৰ সুবিধা। আনহাতে, মৰাণ, মটক আৰু চাহ জনগোষ্ঠী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি মহিলা সকলৰ ক্ষেত্ৰত ৪টা সন্তান থাকিলেও লাভ কৰিব এই আঁচনিৰ সুবিধা।
আনহাতে এই আঁচনি সুবিধা লাভ কৰা মহিলাই জন্মনিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতিও চৰকাৰক দিব লাগিব। লগতে অমৃত বৃক্ষ আন্দোলনত মহিলা সকলে ৰোপণ কৰা গছপুলিৰ বৰ্তমানৰ ফটো দিব লাগিব। ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰত এই আবেদন পত্ৰ দিয়া হ’ব। প্ৰতিগৰাকী মহিলাই স্থানীয় পঞ্চায়তৰ পৰা লাভ কৰিব প্ৰপত্ৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবদ চৰকাৰৰ ব্যয় হ’ব ৪০ হাজাৰ কোটি টকা ৷