পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ। ৰাজ্যৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ কুম্বি বিধান সভা সমষ্টিত গুলীচালনাৰ ঘটনা সংঘটিত হয় । স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি বুধবাৰৰ এই ঘটনাত এতিয়াও ৪ জন লোক সন্ধানহীন হৈ আছে।
প্ৰাপ্ত তথ্য অনুসৰি চাৰিওজন লোক ওচৰৰ হাবিত কাঠ কাটিবলৈ গৈছিল। বুধবাৰে নিশালৈকে তেওঁলোকৰ সন্ধান ওলোৱা নাই ৷ তেওঁলোক হৈছে দাৰা সিং, ইবোমচা সিং, ৰোমেন সিং আৰু আনন্দ সিং।
প্ৰশাসনৰ তথ্য অনুসৰি বুধবাৰে বিষ্ণুপুৰ জিলাৰ হাউটক গাঁৱত দুষ্কৃতিকাৰীৰ দলে আক্ৰমণ কৰে। গাঁওবাসীৰ ভিতৰত ১০০ গৰাকী মহিলা আৰু শিশুৱে প্ৰাণৰ মমতাত গাঁও এৰি যায়।
জনজাতিকৰণক লৈ মতানৈক্যৰ বাবেই আঠ মাহ পূৰ্বে মণিপুৰত মেইটেই-কুকি সংঘাতৰ সূচনা হৈছিল। যাৰ পৰাই আৰম্ভ হ’ল সমগ্ৰ ৰাজ্যতে হিংসা। এই সংঘৰ্ষত এতিয়ালৈকে প্ৰায় দুশ লোকৰ মৃত্যু হৈছে। গৃহহীনৰ সংখ্যা প্ৰায় ৬০ হাজাৰ।