অসমীয়াৰ পদূলিত ভোগালী বিহু ৷ ৰাজ্যৰ চৌদিশে আৰম্ভ হৈছে ভোগালীৰ উৎসাহ উদ্দীপনা ৷ কোনোবা যদি মেজি সজাত ব্যস্ত , আন কোনোবা আকৌ উৰুকাৰ ভোজৰ যোগাৰ কৰাত ব্যস্ত ৷ মুঠতে ভোগালীৰ আনন্দত বিলীন হৈছে ৰাজ্যবাসী ৷ ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাক ভোগালীৰ উপহাৰ দিলে কৃষিমন্ত্ৰী অতুল বৰাই ৷ কৃষি মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীক এটা চিতল আৰু বৰালি মাছ উপহাৰ হিচাপে আগবঢ়ায় ৷
এই কথা সামজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰি অতুল বৰা্ই কয় –“ আমাৰ সোণসেৰীয়া সংস্কৃতিৰ এক সোণালী অংগ- হেঁপাহৰ ভোগালী বিহুটি আকৌ পদূলি পালেহি। ভোগৰ উৎসৱ ভোগালী উদযাপনৰ বাবে প্ৰতিজন অসমীয়া এতিয়া সাজু।ভোগালীৰ উছাহৰ এই ক্ষণত আজি পুৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এটি বৰালি আৰু এটি চিতল মাছ উপহাৰস্বৰূপে আগবঢ়ালোঁ৷ লগতে তেখেতক আগন্তুক উৰুকা আৰু ভোগালী বিহুৰ আন্তৰিক ওলগ যাচিলোঁ।“