ৰাজ্যৰ সৰ্বত্ৰে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে ৷ দেওবাৰে উৰুকা ৷ পিছে ভোগালীৰ আনন্দই স্পর্শ কৰিব পৰা নাই এখন গাঁৱক ৷ ইয়াৰ পৰিৱর্তে মৰিশালীৰ নিস্তব্ধতাই বিৰাজ কৰিছে গাওঁখনত ৷ আমি ক’ব বিচাৰিছো বচা ভৰলুৱা গাওঁৰ কথা ৷ কিছুদিন পূর্বে ডেৰগাওঁত সংঘটিত দুর্ঘটনাত গাওঁখনৰ ১১ জন লোকে প্ৰাণ হেৰুৱাইছিল ৷ আজি নিহত লোকসকলৰ আদ্যশ্ৰাদ্ধ ৷ গাওঁখনৰ ৰাইজে সমূহীয়াভাৱে আয়োজন কৰিছে আদ্যশ্ৰাদ্ধৰ ৷ গাওঁখনৰ ক’তো নাই ভোগালীৰ আনন্দ। গাওঁখনৰ পথাৰত সজা হোৱা নাই এটাও ভেলাঘৰ। চৌদিশে কেৱল মৰিশালীৰ নিস্তব্ধতা।
উল্লেখ্য যে ৩ জানুৱাৰীৰ বালিজান তিনিআলিত দুর্ঘটনাত সংঘটিত হৈছিল ৷কোনোবাই যদি হেৰুৱালে পিতৃ, মাতৃ আন কোনোবাই হেৰুৱালে পৰিয়ালৰ আটাইকেইজন সদস্য।
ভোগালীৰ আনন্দই স্পৰ্শ কৰিব নোৱাৰা এই গাওঁখনৰ সকলোৱে আজি মৃতলোকসকলক পুনৰ এবাৰ সোঁৱৰণ কৰাৰ লগতে তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিব। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আহিছে কাষৰীয় গাওঁসমূহৰো লোকো।