কাৰ্বি যুৱ মহোৎসৱৰ আজি তৃতীয় দিন। ডিফুৰ টাৰালাংচুত অনুষ্ঠিত হৈছে ৫০ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ। ১৭ জানুৱাৰীত টাৰালাংচুৰ এই অনুষ্ঠানলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।
উল্লেখ্য যে কাৰ্বি যুৱ মহোৎসৱ হৈছে উত্তৰ-পূৱৰ অন্যতম বৃহৎ যুৱ মহোৎসৱ। ১৯৭৪ চনত কাৰ্বি ক্লাবত ৫টা ক্লাব লগ হৈ প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰিছিল কাৰ্বি যুৱ মহোৎসৱ ৷ এই কাৰ্বি যুৱ মহোৎসৱে এতিয়া সোনালী জয়ন্তী বৰ্ষত ভৰি দিলে। সেই উপলক্ষে ডিফুৰ টাৰালাংচুত বাৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে কাৰ্বি যুৱ মহোৎসৱ।
১৯৭৪ চনত আৰম্ভ হোৱা এই অনুষ্ঠানে ১৯৮৪ চনত বিস্তৃতভৱে প্ৰসাৰ লাভ কৰে। ১৯৮৪ চনত ডিফুৰ টাৰালাংচুত কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় স্থায়ী মুকলি মঞ্চ। তেতিয়াৰে পৰাই কাৰ্বি কালচাৰেল ছছাইটিৰ উদ্যোগত প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে কাৰ্বি যুৱ মহোৎসৱ।
শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই যুৱ মহোৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত কাৰ্বি জনগোষ্ঠীৰ প্ৰায় ৬০০০ শিল্পীয়ে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত। এই শোভাযাত্ৰাত দাঙি ধৰা হৈছে কাৰ্বিসকলৰ বিভিন্ন কৃষ্টি-সংস্কৃতিৰ বৰ্ণিল সমাহাৰ।
এই অনুষ্ঠানত কাৰ্বিসকলৰ পৰম্পৰাগত খাদ্য,সাজপাৰ, লোকবাদ্য, কৃষিৰ আহিলাৰ মেলাও আয়োজন কৰা হৈছে। ইফালে ৫০ বছৰত ভৰি দিয়া কাৰ্বি যুৱ মহোৎসৱৰ মূখ্য অতিথি হিচাপে ১৭ জানুৱাৰীত উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সমান্তৰালকৈ ৮ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত সচকলে অংশগ্ৰহণ কৰিব। কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰাৰো সম্ভাৱনা আছে টাৰালাংচুৰ ৫০সংখ্যক কাৰ্বি যুৱ মহোৎসৱত।