গোনা ম’হৰ যুঁজত কঁপি উঠিল আঁহতগুৰি। এই ম’হ যুঁজ চাবলৈ লোকে লোকাৰণ্য হৈ পৰিছে সমগ্ৰ আঁহতগুৰি অঞ্চল। ডেকা-বুঢ়া, গাভৰু; স্থানীয় ৰাইজৰ লগতে দূৰ দূৰণিৰ পৰা অহা লোকে পৰম্পৰাগত ম’হযুঁজ উপভোগ কৰি আপ্লুত হৈ পৰে ।
মাঘ মাহৰ প্ৰথম দিনটোত ৯ বছৰ বিৰতিৰ পিছত ৰাজ্যত আকৌ অনুষ্ঠিত হ’ল ম’হ যুঁজ। ৰাজ্য চৰকাৰৰ নীতি-নিয়মৰ মাজেৰে অসমৰ বিভিন্ন ঠাইত ম’হ যুঁজ অনুষ্ঠিত হৈছে । আজি ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি মৰিগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত আয়োজিত হৈছে গোনা ম’হ যুঁজ। ১৯৭২ চনৰ পৰা ইয়াত আনুষ্ঠানিকভাৱে ম’হ যুঁজ অনুষ্ঠিত হৈ আহিছে। কিন্তু ন্যায়ালয়ৰ নিষেধাজ্ঞা অনুসৰি ২০১৫ চনৰ পৰা নিষিদ্ধ আছিল ম’হ যুঁজ ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আঁহতগুৰিৰ ম’হযুঁজ মুকলি কৰে । লগতে উপস্থিত থাকে ৰিণিকি ভূঞা শৰ্মা, পীযুষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী , সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা , বিধায়ক ৰূপক শৰ্মা আৰু কেইবাজনো মন্ত্ৰী, বিধায়ক আৰু বিশিষ্ট ব্যক্তি ৷
মুখ্যমন্ত্ৰীয়ে ম’হযুঁজ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি কয় –“পহিলা মাঘৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰিলোঁ ঐতিহ্যমণ্ডিত আহঁতগুৰিত। লোকবিশ্বাস আৰু পৰম্পৰাক শ্ৰদ্ধা জনাই আমাৰ চৰকাৰে সুদীৰ্ঘ ৯ বছৰৰ মূৰত আঁহতগুৰিত ম’হ যুঁজ পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ভোগালী বিহুৰ বতৰত আজি এই বহু চৰ্চিত ম’হ যুঁজ ৰাইজৰ সৈতে প্ৰত্যক্ষ কৰোঁ। এই যুঁজ অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে কেইটিমান বিশেষ নিৰ্দেশনা জাৰি কৰিছিল। প্ৰাণীবিধৰ সুৰক্ষা আৰু প্ৰাচীন পৰম্পৰা ৰক্ষাৰ মাজত এক সন্তুলন ৰখাৰ উদ্দেশ্যে এই ব্যৱস্থা হাতত লোৱা হৈছে।“