দেশৰ অন্যতম শ্ৰেষ্ঠ আবাসিক বিদ্যালয় ডুন স্কুলে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰসকলৰ বাবে এক বিশেষ ছাত্ৰবৃত্তি আগবঢ়াইছে। এই পৰিপ্ৰেক্ষিতত বিদ্যালয়খনত নামভৰ্তিৰ বাবে গুৱাহাটী আৰু তেজপুৰত যোগ্যতাভিত্তিক বাচনি পৰীক্ষা অনুষ্ঠিত হ’ব।
ছাত্ৰ বৃত্তি পৰীক্ষাৰ বাবে পঞ্জীয়ন মাচুল ১০০ টকা নিৰ্ধাৰণ কৰা হৈছে। সপ্তম আৰু অষ্টম শ্ৰেণীত নামভৰ্তিৰ বাবে এই বাচনি পৰীক্ষা অনুষ্ঠিত হ’ব।
এই সন্দৰ্ভত সোমবাৰে গুৱাহাটীত এখন সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলখন সম্বোধন কৰে বিদ্যালয়খনৰ উন্নয়ন আৰু প্ৰাক্তন শিক্ষাৰ্থী সম্পৰ্কৰক্ষী মুৰব্বী অৰ্জুন সিং বাৰ্তাল আৰু কৰ্মচাৰীৰ সঞ্চালক অনুপমা যোশীৰ লগতে বৈচিত্ৰ সমিতিৰ অধ্যক্ষ ৰবি সিংঘীয়ে ৷ মন্ত্ৰী পীযুষ হাজৰিকাও উক্ত সংবাদমেলত উপস্থিত থাকে।
২০২১ বৰ্ষৰ ২ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’ব লগা বাচনি পৰীক্ষাৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ যোগ্য আৰু প্ৰতিভাৱান শিক্ষাৰ্থীসকল নিৰ্বাচিত হ’ব বুলি বিদ্যালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। এই জলপানিৰ দ্বাৰা আৰ্থিকভাৱে পিচপৰা শ্ৰেণীৰ শিক্ষাৰ্থীসকল উপকৃত হ’ব বুলি সংবাদমেলত উল্লেখ কৰা হৈছে।
এই পৰীক্ষাৰ জৰিয়তে শ্ৰেষ্ঠ ২০ গৰাকী ছাত্ৰ নিৰ্বাচন কৰা হ’ব আৰু তেওঁলোকক ডিচেম্বৰ মাহত ডেৰাডুনত হ’ব লগা সাক্ষাৎকাৰৰ বাবে নিমন্ত্ৰণ জনোৱা হ’ব ৷ ইয়াৰ বাবে ছাত্ৰৰ লগতে এগৰাকী অভিভাৱকৰ সম্পূৰ্ণ অহা যোৱা আৰু ডেৰাডুনত থকা খোৱাৰ খৰচ কৰ্তৃপক্ষই বহন কৰিব।
১৯৩৫ চনতে স্থাপন কৰা বিদ্যালয়খন দেশৰ শৈক্ষিক ঐতিহ্যৰ ধ্বজাবাহক। বিদ্যালয়খনে যোগ্যতাৰ ভিত্তিত হোৱা বাচনিক গুৰুত্ব প্ৰদান কৰে। যাৰ বাবে বৰ্তমান ১৬ শতাংশ আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰই ৪৮ শতাংশ জলপানি লাভ কৰি শিক্ষাগ্ৰহণ কৰি আছে।