আজিৰ পৰা মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোক সকলে উদযাপন কৰিছে মাঘ বিহু। যাক লৈ উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে মধ্য অসমত । আজি তিৱাসকলৰ মাঘ বিহুৰ (পিচু) উৰুকা । মধ্য অসমৰ তিৱা সকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো মংগলবাৰে উৰুকা ( পিচু) আৰু বুধবাৰে মাঘ বিহু পালন কৰে।
প্ৰতি বছৰে তিৱা সকলে ভোগালী বিহুৰ দিনা কঠীয়াতলি বুকলুঙত (তিগ্ৰম )বিলত পৰম্পৰা অনুযায়ী মধ্য অসমৰ নগাঁও, মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ শ শ ৰাইজ লগ হৈ একেলগে মাছ ধৰাৰ পৰম্পৰা আছে।
ব্যতিক্ৰম নহ’ল এইবাৰো। উৰুকাৰ দিনাখন বিভিন্ন মাংগলিক কাৰ্যৰ পিছত পুৱাই হাতে হাতে জাকৈ, জাল, পল আদি লৈ মাংগলিক কাৰ্যসূচীৰ মাজেৰে বুকলুঙত নামি সমূহীয়াকৈ মাছ ধৰে তিৱা সম্প্ৰদায়ৰ লোকসকলে।