অসমৰ পৰৱৰ্তী মুখ্য সচিব হ’ব জ্যেষ্ঠ আইএএছ বিষয়া ড০ ৰবি কোটা। অহা ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য সচিব পৱন বৰঠাকুৰে। উল্লেখ্য যে ১৯৯৩ বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হৈছে ড০ ৰবি কোটা। তেওঁ বৰ্তমান গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছে ।তদুপৰি ৰাজ্যৰ প্ৰশাসনৰো কিছু সালসলনি কৰা হৈছে।
আইএএছ ৰবিশংকৰ প্ৰসাদক মুখ্য আবাসিক আয়ুক্ত হিচাপে অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে। বিষয়াজনক অসম চৰকাৰৰ বন আৰু পৰিৱেশ,ভূমি সংৰক্ষণ বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্ব প্ৰদান কৰা হৈছে। এ পি ডি এলৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে আই এ এছ চৈয়দ্দিন আব্বাচীক ৷ ইপিনে কৈলাশ চান্দ চামাৰীয়াক মীন বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্ব প্ৰদান কৰা হ’ব।
অবিনাশ পুৰুষোত্তম দাসক গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে বদলি কৰা হৈছে। ড০ পি অশোক বাবুক অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব হিচাপে দায়িত্ব দিয়া হৈছে ৷
আনহাতে বিশ্বজিৎ পেগুক অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে বদলি কৰা হৈছে। আবকাৰী বিভাগৰ আয়ুক্ত হিচাপে অতিৰিক্ত দায়িত্ব জিতু দলেক প্ৰদান কৰা হৈছে।