দিল্লীত গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল’ব অসমৰ গো-পালকে। বিগত ৪০ বছৰে গো-পালন কৰি অৱশেষত এই সন্মান লাভ কৰিলে বাইহাটাৰ সমীপৱৰ্তী বামুণ গাঁৱৰ সুনীল শৰ্মাই। ৰাজ্যৰ মুঠ ১০ গৰাকী গো-পালকে এইবাৰ অংশ ল’ব পেৰেডত। অৱসৰপ্ৰাপ্ত শিক্ষক সুনীল শর্মাই ১৯৮১ চনৰ পৰা গো-পালন কৰি আহিছে ৷
অমন্ত্ৰণ কৰাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় –“ ৪২ বছৰে পশুপালন কৰি আহিছো ৷ যুৱ প্ৰজন্ম ইয়াৰ প্ৰতি আগ্ৰহী হোৱা ভাল ৷ মোৰ ১৮ টি গাই গৰু আছে৷ ৷ মই নিজেও শিক্ষকতা কৰিছিলো ৷ শিক্ষকতাৰ লগতে ৮১ চনৰ পৰা গাই গৰু প্ৰতিপালন কৰি আহিছো ৷ গো-পালনেৰে সুন্দৰকৈ নিজৰ পৰিয়াল পোহপাল দিব পৰা যায় ৷ “