এক ৰহস্যজনক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ তেজপুৰ । এখন পথাৰৰ মাজত খাইৰুল ইছলাম নামৰ ২৭ বছৰীয়া যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ তেজপুৰৰ ভোজখোৱা চাপৰিৰ বাসিন্দা হৈছে খাইৰুল ইছলাম (২৭) ৷
প্ৰাপ্ত তথ্য অনুসৰি ভোজখোৱা চাপৰিৰ ইছলাম আলি আৰু ৰেজেক নামৰ দুজন বন্ধুৰ সৈতে অৰুণাচললৈ যোৱাৰ কথা আছিল খাইৰুল ইছলামৰ। কিন্তু ইয়াৰ পূর্বে বৃহস্পতিবাৰে পুৱা খাইৰুল ইছলামৰ মৃতদেহ পথাৰৰ মাজত উদ্ধাৰ হোৱা ঘটনাই তেজপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
খাইৰুলৰ পৰিয়ালে এইয়া এক হত্যাকাণ্ড বুলি অভিযোগ কৰিছে । খাইৰুলৰ হাতত থকা ৭ হাজাৰ টকাৰ বাবে তেওঁক দুজন বন্ধুৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছেপৰিয়ালৰ লোকসকলে । আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। খাইৰুলৰ দুই বন্ধু ইছলাম আলি আৰু ৰেজেকক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গটাই দিছে।